ছূৰা 28 · জুজ 20
Al-Qasas · 28:31
وَأَنْ أَلْقِ عَصَاكَ ۖ فَلَمَّا رَآهَا تَهْتَزُّ كَأَنَّهَا جَانٌّ وَلَّىٰ مُدْبِرًا وَلَمْ يُعَقِّبْ ۚ يَا مُوسَىٰ أَقْبِلْ وَلَا تَخَفْ ۖ إِنَّكَ مِنَ الْآمِنِينَ
আৰু কোৱা হ’ল, ‘তুমি তোমাৰ লাখুটিডাল নিক্ষেপ কৰা’। তাৰ পিছত তেওঁ যেতিয়া সেইটোক সাপৰ নিচিনা কেৰমেৰ কৰা দেখিলে তেতিয়া তেওঁ পিছ হোঁহকা দি লৰ মাৰিলে আৰু উভতি নাচালে। তেওঁক কোৱা হ’ল, ‘হে মুছা! সন্মুখত আহা, ভয় নকৰিবা, নিশ্চয় তুমি নিৰাপদ’।
তাফছীৰ
তথা তেওঁক আদেশ দিলে, তুমি তোমাৰ লাখুটিডাল নিক্ষেপ কৰা। মুছা আলাইহিচ্ছালামে নিজ প্ৰতিপালকৰ আদেশ পালন কৰি লাখুটিডাল নিক্ষেপ কৰিলে। কিন্তু যেতিয়া তেওঁ সেইডালক সাপৰ দৰে দ্ৰুত লৰচৰ আৰু চোঁচৰি গতি কৰা দেখিলে তেতিয়া তেওঁ ভয়তে দৌৰি পলায়ন কৰিবলৈ ধৰিলে, আনকি পিচফালেও ঘূৰি চোৱা নাছিল। এই দেখি আল্লাহে তেওঁক ক’লেঃ হে মুছা! ভয় নকৰিব, আগুৱাই যাওক। কাৰণ নিশ্চিতভাৱে আপোনাক সুৰক্ষিত কৰা হৈছে সেই সকলো বস্তুৰ পৰা যিবোৰক দেখি আপুনি ভয় পায়।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক