ছূৰা 28 · জুজ 20
Al-Qasas · 28:18
فَأَصْبَحَ فِي الْمَدِينَةِ خَائِفًا يَتَرَقَّبُ فَإِذَا الَّذِي اسْتَنْصَرَهُ بِالْأَمْسِ يَسْتَصْرِخُهُ ۚ قَالَ لَهُ مُوسَىٰ إِنَّكَ لَغَوِيٌّ مُبِينٌ
এতেকে ভীত সতৰ্ক অৱস্থাত সেই চহৰত তেওঁ ৰাতি অতিবাহিত কৰিলে। হঠাৎ তেওঁ শুনা পালে, যিজন ব্যক্তিয়ে যোৱা কালি তেওঁৰ ওচৰত সহায় বিচাৰিছিল, সি আকৌ সহায়ৰ বাবে চিঞঁৰি আছে। মুছাই তাক ক’লে, ‘নিশ্চয় তুমি এজন স্পষ্ট বিভ্ৰান্ত ব্যক্তি’।
তাফছীৰ
তেওঁৰ দ্বাৰা কিবতী এজন হত্যা হোৱাৰ পিছত তেওঁ ভয় ভয় কৰি খা-খবৰ লোৱাৰ উদ্দেশ্যে নগৰত প্ৰৱেশ কৰিলে, যাতে এই বিষয়ে বিতং খবৰ সংগ্ৰহ কৰিব পাৰে যে, বৰ্তমান পৰিস্থিতি কেনেকুৱা। হঠাৎ তেওঁ দেখা পালে যে, যোৱাকালি যি ব্যক্তিয়ে তাৰ কিবতী শত্ৰুৰ বিৰুদ্ধে সহায় বিচাৰিছিল, সেইজনেই আজিও আন এজন কিবতীৰ লগত কাজিয়া কৰি আছে আৰু তাৰ বিৰুদ্ধে সহায় বিচাৰি আছে। এই দেখি মুছা আলাইহিচ্ছালামে ক’লেঃ নিশ্চয় তুমি এজন বিভ্ৰান্তি সৃষ্টিকাৰী তথা প্ৰকাশ্য পথভ্ৰষ্ট ব্যক্তি।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক