ছূৰা 28 · জুজ 20

Al-Qasas · 28:16

قَالَ رَبِّ إِنِّي ظَلَمْتُ نَفْسِي فَاغْفِرْ لِي فَغَفَرَ لَهُ ۚ إِنَّهُ هُوَ الْغَفُورُ الرَّحِيمُ

তেওঁ ক’লে, ‘হে মোৰ ৰব! নিশ্চয় মই মোৰ নিজৰ প্ৰতি অন্যায় কৰিছো, সেয়ে তুমি মোক ক্ষমা কৰা’। তাৰ পিছত আল্লাহে তেওঁক ক্ষমা কৰিলে। নিশ্চয় তেওঁ ক্ষমাশীল, পৰম দয়ালু।

তাফছীৰ

মুছা আলাইহিচ্ছালামে তেওঁৰ দ্বাৰা সংঘটিত অপৰাধ স্বীকাৰ কৰি নিজ প্ৰতিপালকৰ ওচৰত দুআ কৰি ক’লেঃ হে মোৰ প্ৰতিপালক! এই কিবতীক হত্যা কৰি নিশ্চিতভাৱে মই নিজৰ ওপৰত অন্যায় কৰিছোঁ। গতিকে তুমি মোৰ এই অপৰাধ ক্ষমা কৰি দিয়া। এতেকে আল্লাহে আমাক এই কথাটো স্পষ্ট কৰি দিছে যে, তেওঁ মুছা আলাইহিচ্ছালামক ক্ষমা কৰিছিল। নিশ্চয় আল্লাহ তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল আৰু তেওঁলোকৰ প্ৰতি অতি দয়ালু।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক