ছূৰা 27 · জুজ 20

An-Naml · 27:93

وَقُلِ الْحَمْدُ لِلَّهِ سَيُرِيكُمْ آيَاتِهِ فَتَعْرِفُونَهَا ۚ وَمَا رَبُّكَ بِغَافِلٍ عَمَّا تَعْمَلُونَ

আৰু কোৱা, ‘সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰেই, অচিৰেই তেওঁ তোমালোকক তেওঁৰ নিদৰ্শনসমূহ দেখুৱাব, তেতিয়া তোমালোকে সেয়া চিনিব পাৰিবা’। তোমালোকে যি কৰা সেই সম্পৰ্কে তোমাৰ ৰব অমনোযোগী নহয়।

তাফছীৰ

হে ৰাছুল! আপুনি কৈ দিয়ক, সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে, কাৰণ তেওঁ অসংখ্য অগণন নিয়ামত প্ৰদান কৰিছে। অচিৰেই আল্লাহে তোমালোকক তেওঁৰ নিদৰ্শনসমূহ দেখুৱাব, স্বয়ং তোমালোকৰ মাজত তথা আকাশ-পৃথিৱী আৰু জীৱিকাৰ মাজত। যিবোৰ নিদৰ্শন দেখিলে তোমালোকে অতি সহজেই চিনিব পাৰিবা আৰু সত্যক আঁকোৱালি লবলৈও সহজ হ’ব। তোমালোকে যিবোৰ কৰি আছা, এইবোৰৰ ক্ষেত্ৰত তোমালোকৰ প্ৰতিপালকক কেতিয়াও অমনোযোগী বুলি নাভাৱিবা। বৰং তেওঁ প্ৰতিটো বিষয় সুক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি আছে। একোৱেই তেওঁৰ পৰা গোপন নহয়। তেওঁ অতিশীঘ্ৰে তোমালোকক ইয়াৰ প্ৰতিদান দিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক