ছূৰা 27 · জুজ 19

An-Naml · 27:8

فَلَمَّا جَاءَهَا نُودِيَ أَنْ بُورِكَ مَنْ فِي النَّارِ وَمَنْ حَوْلَهَا وَسُبْحَانَ اللَّهِ رَبِّ الْعَالَمِينَ

তাৰ পিছত তেওঁ যেতিয়া সেইটোৰ ওচৰত আহি পালে, তেতিয়া ঘোষিত হ’ল, ‘বৰকতময়, যি আছে এই জুইৰ মাজত আৰু যি আছে ইয়াৰ চাৰিওফালে, আৰু সৃষ্টিজগতৰ ৰব আল্লাহ পৱিত্ৰ আৰু মহিমাময়!

তাফছীৰ

যেতিয়া তেওঁ প্ৰত্যক্ষ কৰা সেই জুইকুৰাৰ ওচৰ পালেগৈ, তেতিয়া আল্লাহে তেওঁক আহ্বান কৰি ক'লেঃ পৱিত্ৰ সেই সত্ত্বা যিজন ইয়াৰ মাজত আছে, তথা সেইসকল ফিৰিস্তা যিসকল ইয়াৰ ওচৰে পাঁজৰে আছে। নিশ্চিতভাৱে বিশ্বজগতৰ প্ৰতিপালক মহাপৱিত্ৰ, তেওঁ সেইসকলো দোষ-ত্ৰুটিৰ পৰা পৱিত্ৰ, যিবোৰ তেওঁৰ বাবে অনুপযুক্ত। তথাপিও বহুতো বিভ্ৰান্ত লোকে সেইবোৰ দোষ-ত্ৰুটিৰে তেওঁক বিশেষিত কৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক