ছূৰা 27 · জুজ 20
An-Naml · 27:63
أَمَّنْ يَهْدِيكُمْ فِي ظُلُمَاتِ الْبَرِّ وَالْبَحْرِ وَمَنْ يُرْسِلُ الرِّيَاحَ بُشْرًا بَيْنَ يَدَيْ رَحْمَتِهِ ۗ أَإِلَٰهٌ مَعَ اللَّهِ ۚ تَعَالَى اللَّهُ عَمَّا يُشْرِكُونَ
বৰং তেওঁ, যিজনে তোমালোকক স্থলত আৰু সাগৰৰ অন্ধাকাৰত পথ দেখুৱায় আৰু তেৱেঁই নিজ অনুগ্ৰহৰ আগত সুসংবাদবাহী বতাহ প্ৰেৰণ কৰে। (তেন্তে কোৱাচোন) আল্লাহৰ লগত আন কোনো ইলাহ আছেনে? সিহঁতে যি অংশীদাৰ স্থাপন কৰে, আল্লাহ সেইবোৰৰ পৰা বহু উৰ্দ্ধত।
তাফছীৰ
বৰং (তেৱেঁই প্ৰকৃত উপাস্য) যিজনে তোমালোকক জল আৰু স্থলৰ অন্ধকাৰত বিভিন্ন প্ৰতীক আৰু নক্ষত্ৰৰ দ্বাৰা পথ দেখুৱায়। যিজনে বতাহক বৰষুণৰ পূৰ্বে সুসংবাদবাহীৰূপে প্ৰেৰণ কৰে, যাৰ দ্বাৰা তেওঁ বান্দাসকলৰ প্ৰতি দয়া কৰে। কোৱাচোন! আছে নেকি কোনোবা উপাস্য, যিয়ে আল্লাহৰ সৈতে এইবোৰ কাম কৰে? নাই, কোনো নাই। আল্লাহ অতি পৱিত্ৰ। সৃষ্টিক তেওঁৰ লগত অংশীদাৰৰ পৰা তেওঁ মহাপৱিত্ৰ।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক