ছূৰা 27 · জুজ 19

An-Naml · 27:44

قِيلَ لَهَا ادْخُلِي الصَّرْحَ ۖ فَلَمَّا رَأَتْهُ حَسِبَتْهُ لُجَّةً وَكَشَفَتْ عَنْ سَاقَيْهَا ۚ قَالَ إِنَّهُ صَرْحٌ مُمَرَّدٌ مِنْ قَوَارِيرَ ۗ قَالَتْ رَبِّ إِنِّي ظَلَمْتُ نَفْسِي وَأَسْلَمْتُ مَعَ سُلَيْمَانَ لِلَّهِ رَبِّ الْعَالَمِينَ

তাইক কোৱা হ’ল, ‘প্ৰসাদটোৰ ভিতৰত প্ৰৱেশ কৰা’। এতেকে যেতিয়া তাই সেইটো দেখিলে তেতিয়া তাই সেইটোক জলাশয় বুলি ভাবিলে আৰু দুয়ো ভৰিৰ কাপোৰ কলাফুলিলৈকে অনাবৃত কৰিলে। তেওঁ (ছুলাইমানে) ক’লে, ‘এয়া কাচেৰে নিৰ্মিত স্বচ্ছ প্ৰসাদহে’। মহিলা গৰাকীয়ে (প্ৰাৰ্থনা কৰি) ক’লে, ‘হে মোৰ ৰব! নিশ্চয় মই নিজৰ প্ৰতি অন্যায় কৰিছিলো, আৰু মই এতিয়া ছুলাইমানৰ লগত সৃষ্টিজগতৰ ৰব আল্লাহৰ প্ৰতি আত্মসমৰ্পণ কৰিলো’।

তাফছীৰ

তাইক কোৱা হ’ল যে, ভৱনত প্ৰৱেশ কৰক; আৰু সেই ভৱনখন ছাদৰ দৰে সমতল আছিল। যেতিয়া তাই ভৱনৰ পিনে লক্ষ্য কৰিলে, ভাৱিলে এইটো কোনোবা এটা জলাশয়, আৰু তাত নামিবলৈ ভৰিৰ কাপোৰ কলাফুলিলৈকে উন্মুক্ত কৰিলে। এই দেখি ছুলাইমান আলাইহিচ্ছালামে ক’লেঃ এইখন কাচেৰে নিৰ্মিত এখন স্বচ্চ ভৱন। তাৰ পিছত তেওঁ তাইক ইছলামলৈ নিমন্ত্ৰণ জনালে। ফলত তাই এই বুলি ইছলাম গ্ৰহণ কৰিলেঃ হে মোৰ প্ৰতিপালক! মই তোমাৰ ইবাদতত আনক অংশীদাৰ কৰি নিশ্চয় মোৰ ওপৰত অন্যায় কৰিছিলোঁ, আৰু এতিয়া ছুলাইমানৰ সৈতে বিশ্বজগতৰ ৰব্ব হে আল্লাহ তোমাৰ ওচৰত আত্মসমৰ্পন কৰিলোঁ।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক