ছূৰা 27 · জুজ 19

An-Naml · 27:42

فَلَمَّا جَاءَتْ قِيلَ أَهَٰكَذَا عَرْشُكِ ۖ قَالَتْ كَأَنَّهُ هُوَ ۚ وَأُوتِينَا الْعِلْمَ مِنْ قَبْلِهَا وَكُنَّا مُسْلِمِينَ

এতেকে যেতিয়া তাই আহিল, তেতিয়া তাইক কোৱা হ’ল, ‘তোমাৰ সিংহাসন এনেকুৱাই নেকি’? তাই ক’লে, ‘সেইটোৱেই যেন লাগিছে, আৰু আমাক ইয়াৰ পূৰ্বেই প্ৰকৃত জ্ঞান দান কৰা হৈছে আৰু আমি আজ্ঞাবহ হৈছো’।

তাফছীৰ

এতেকে যেতিয়া ছাবাৰ ৰাণী ছুলাইমানৰ ওচৰত আহি উপস্থিত হ'ল, তেতিয়া ছুলাইমান আলাইহিচ্ছালামে তাইক পৰীক্ষা কৰিবলৈ সুধিলেঃ এইখন আপোনাৰ সিংহাসনৰ দৰেই নে, তাই উত্তৰ দি ক'লেঃ এনেকুৱা লাগিছে যেনিবা সেইখনেই। ছুলাইমান আলাইহিচ্ছালামে ক'লেঃ আল্লাহে আমাক ইতিপূৰ্বেই জ্ঞান দান কৰিছে যে, তেওঁ এনেকুৱা কৰ্ম সম্পাদন কৰিবলৈ পূৰ্ণ সামৰ্থৱান। সেইকাৰণেই আমি আল্লাহৰ ওচৰত আত্মসমৰ্পনকাৰী তথা তেওঁৰ আনুগত্যশীল।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক