ছূৰা 27 · জুজ 19

An-Naml · 27:4

إِنَّ الَّذِينَ لَا يُؤْمِنُونَ بِالْآخِرَةِ زَيَّنَّا لَهُمْ أَعْمَالَهُمْ فَهُمْ يَعْمَهُونَ

নিশ্চয় যিসকলে আখিৰাতৰ প্ৰতি বিশ্বাস স্থাপন নকৰে, সিহঁতৰ বাবে সিহঁতৰ কৰ্মক আমি শোভনীয় কৰি দিছো, ফলত সিহঁত বিভ্ৰান্ত হৈ ঘূৰি ফুৰে;

তাফছীৰ

যিসকল কাফিৰে আখিৰাতক, লগতে ইয়াৰ ছোৱাব আৰু শাস্তিক বিশ্বাস নকৰে, নিশ্চিতভাৱে সিহঁতৰ কুকৰ্মবোৰক সিহঁতৰ বাবে সুন্দৰ কৰি দিয়া হৈছে। গতিকে সিহঁত সেইবোৰৰ মাজতে ব্যস্ত থাকে। সেয়ে সিহঁত উদ্ভ্ৰান্ত হৈ সেইবোৰৰ মাজতে ঘূৰি ফুৰি থাকিব, কেতিয়াও হিদায়ত তথা সুপথ বিচাৰি নাপাব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক