ছূৰা 27 · জুজ 19

An-Naml · 27:28

اذْهَبْ بِكِتَابِي هَٰذَا فَأَلْقِهْ إِلَيْهِمْ ثُمَّ تَوَلَّ عَنْهُمْ فَانْظُرْ مَاذَا يَرْجِعُونَ

‘তুমি মোৰ এই পত্ৰখন লৈ যোৱা আৰু এইটো সিহঁতৰ ওচৰত পেলাই দিয়াগৈ, তাৰ পিছত সিহঁতৰ পৰা আঁতৰত থাকিবা আৰু লক্ষ্য কৰিবা সিহঁতৰ প্ৰতিক্ৰিয়া কি’?

তাফছীৰ

ছুলাইমান আলাইহিচ্ছালামে এখন পত্ৰ লিখিলে আৰু সেইখন হুদহুদক অৰ্পন কৰি ক'লেঃ মোৰ এই পত্ৰখন লৈ যোৱা আৰু ছাবাবাসীৰ ওচৰলৈ পৌঁচাই দিয়া, তথা সিহঁতৰ পৰা অলপ আঁতৰত থাকি লক্ষ্য কৰিবা যে, সিহঁতে এই বিষয়ে কেনেকুৱা প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক