ছূৰা 27 · জুজ 19
An-Naml · 27:24
وَجَدْتُهَا وَقَوْمَهَا يَسْجُدُونَ لِلشَّمْسِ مِنْ دُونِ اللَّهِ وَزَيَّنَ لَهُمُ الشَّيْطَانُ أَعْمَالَهُمْ فَصَدَّهُمْ عَنِ السَّبِيلِ فَهُمْ لَا يَهْتَدُونَ
মই তাইক আৰু তাইৰ সম্প্ৰদায়ক দেখিলো সিহঁতে আল্লাহৰ পৰিবৰ্তে সূৰ্যক ছাজদাহ কৰে। চয়তানে সিহঁতৰ কাৰ্যৱলী সিহঁতৰ ওচৰত সুশোভিত কৰি দিছে আৰু সিহঁতক সৎপথৰ পৰা বাধাগ্ৰস্ত কৰিছে, ফলত সিহঁতে হিদায়ত পোৱা নাই;
তাফছীৰ
সেই নাৰী আৰু তাইৰ সম্প্ৰদায়ক মই দেখিছোঁ সিহঁতে আল্লাহক এৰি সূৰ্য্যক ছাজদাহ কৰে। চয়তানে সিহঁতৰ শ্বিৰ্কীয়া আৰু পাপকৰ্মবোৰক শোভনীয় কৰি দিছে। তথা সিহঁতক সত্যৰ পৰা আঁতৰাই ৰাখিছে। সেই কাৰণেই সিহঁতে হিদায়ত লাভ কৰা নাই।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক