ছূৰা 27 · জুজ 19
An-Naml · 27:14
وَجَحَدُوا بِهَا وَاسْتَيْقَنَتْهَا أَنْفُسُهُمْ ظُلْمًا وَعُلُوًّا ۚ فَانْظُرْ كَيْفَ كَانَ عَاقِبَةُ الْمُفْسِدِينَ
সিহঁতে অন্যায় আৰু উদ্ধতভাৱে নিদৰ্শনসমূহ প্ৰত্যাখ্যান কৰিলে, যদিও সিহঁতৰ অন্তৰে এইবোৰক নিশ্চিত সত্য বুলি গ্ৰহণ কৰিছিল। এতেকে চোৱা, বিপৰ্যয় সৃষ্টিকাৰী বিলাকৰ পৰিণাম কি হৈছিল!
তাফছীৰ
সিহঁতে এই স্পষ্ট নিদৰ্শনবোৰ মানিবলৈ অস্বীকাৰ কৰিলে, তথা সেইবোৰৰ প্ৰতি কোনো ধৰণৰ সঁহাৰি নিদিলে। যদিও সিহঁতৰ অন্তৰে স্পষ্টৰূপে এই কথা স্বীকাৰ কৰিছিল যে, এইবোৰ আল্লাহৰ ফালৰ পৰা আহিছে। কিন্তু সিহঁতে অন্যায় অত্যাচাৰ আৰু অহংকাৰৰ বশৱৰ্তী হৈ সত্য প্ৰকাশ কৰা নাছিল। হে ৰাছুল! আপুনি ভাৱি চাওকচোন! পৃথিৱীত কুফৰী আৰু পাপ কৰ্মৰ জৰিয়তে উপদ্ৰৱ সৃষ্টি কৰা লোকসকলৰ যুগে যুগে কি পৰিণাম হৈছিল! নিশ্চিতভাৱে আমি সিহঁতক ধ্বংস কৰিছিলোঁ তথা আটাইকে বিনাশ কৰিছিলোঁ।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক