ছূৰা 27 · জুজ 19

An-Naml · 27:10

وَأَلْقِ عَصَاكَ ۚ فَلَمَّا رَآهَا تَهْتَزُّ كَأَنَّهَا جَانٌّ وَلَّىٰ مُدْبِرًا وَلَمْ يُعَقِّبْ ۚ يَا مُوسَىٰ لَا تَخَفْ إِنِّي لَا يَخَافُ لَدَيَّ الْمُرْسَلُونَ

‘আৰু তুমি তোমাৰ লাখুটিডাল নিক্ষেপ কৰা’। তাৰ পিছত যেতিয়া তেওঁ সেই লাখুটিডালক সাপৰ দৰে কেৰমেৰ কৰা দেখা পালে তেতিয়া তেওঁ পিছ হোঁহকা দি লৰ মাৰিবলৈ ধৰিলে আৰু উভতি নেদেখিলে। (আল্লাহে ক’লে) ‘হে মুছা! ভয় নকৰিবা, নিশ্চয় মোৰ ওচৰত ৰাছুলসকলে ভয় নাপায়;

তাফছীৰ

(আদেশ হ'ল) আপুনি আপোনাৰ লাখুটিডাল নিক্ষেপ কৰক। এতেকে মুছাই সেই আদেশ পালন কৰি তেওঁৰ লাখুটিডাল নিক্ষেপ কৰিলে। কিন্তু যেতিয়া তেওঁ ইয়াক প্ৰকাণ্ড সাপৰ দৰে লৰচৰ কৰা দেখিলে তেতিয়া পিচমোৱা হৈ দৌৰিবলৈ ধৰিলে, আনকি পিছলৈয়ো ঘূৰি নাচালে। তেতিয়া আল্লাহে তেওঁক ক'লেঃ ইয়াক দেখি ভয় নাখাবা। কিয়নো আমাৰ ৰাছুলসকলে কেতিয়াও সাপ আদিক দেখি ভয় নকৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক