ছূৰা 26 · জুজ 19

Ash-Shu'ara · 26:155

قَالَ هَٰذِهِ نَاقَةٌ لَهَا شِرْبٌ وَلَكُمْ شِرْبُ يَوْمٍ مَعْلُومٍ

তেওঁ ক’লে, ‘এইজনী হৈছে (নিদৰ্শনীয়) উট, ইয়াৰ বাবে আছে পানী খোৱাৰ পাল, আৰু তোমালোকৰ বাবেও আছে এটা নিৰ্ধাৰিত দিনত পানী খোৱাৰ পাল।

তাফছীৰ

আল্লাহে যেতিয়া তেওঁক প্ৰতীক হিচাপে উট প্ৰদান কৰিলে, যিটোক আল্লাহে প্ৰকাণ্ড শিলৰ পৰা উলিয়াইছিল, তেতিয়া ছলেহ আলাইহিচ্ছালামে সিহঁতক ক’লেঃ এইটো উট (হৈছে মোৰ প্ৰতীক), যিটোক তোমালোকে প্ৰকাশ্য চাবও পাৰা আৰু চুবও পাৰা। শুনা! পানী পান কৰাৰ বাবে ইয়াৰ এটা নিৰ্ধাৰিত দিন থাকিব, তথা তোমালোকৰ বাবেও থাকিব নিৰ্ধাৰিত দিন। কিন্তু যিদিনা তোমালোকৰ পাল থাকিব, সেইদিনা এই উট পানী পান কৰিবলৈ নাযাব। আনহাতে যিদিনা এই উটৰ পাল থাকিব, সেইদিনা কিন্তু তোমালোকেও পানী পান কৰিবলৈ যাব নোৱাৰিবা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক