ছূৰা 25 · জুজ 18

Al-Furqan · 25:2

الَّذِي لَهُ مُلْكُ السَّمَاوَاتِ وَالْأَرْضِ وَلَمْ يَتَّخِذْ وَلَدًا وَلَمْ يَكُنْ لَهُ شَرِيكٌ فِي الْمُلْكِ وَخَلَقَ كُلَّ شَيْءٍ فَقَدَّرَهُ تَقْدِيرًا

যিজন আকাশসমূহ আৰু পৃথিৱীৰ সাৰ্বভৌমত্বৰ অধিকাৰী; তেওঁ কোনো সন্তান গ্ৰহণ কৰা নাই; সাৰ্বভৌমত্বত তেওঁৰ কোনো অংশীদাৰ নাই। তেৱেঁই সকলো বস্তু সৃষ্টি কৰিছে, তাৰ পিছত সেয়া নিৰ্ধাৰণ কৰিছে যথাযথ অনুপাতত।

তাফছীৰ

আকাশমণ্ডল আৰু পৃথিৱীৰ ৰাজত্ব কেৱল তেওঁৰেই হাতত। তেওঁ কোনো সন্তান গ্ৰহণ কৰা নাই। লগতে তেওঁৰ ৰাজত্বতো কোনো অংশীদাৰ নাই। তেৱেঁই সকলো বস্তু সৃষ্টি কৰিছে। তেৱেঁই নিজৰ জ্ঞান আৰু হিকমতৰ দ্বাৰা সেইবোৰক ইমান পৰিপাটিকৈ সঠিক পৰিমাপত সৃষ্টি কৰিছে, যিটো পৰিমাণ সিহঁতৰ বাবে উপযুক্ত।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক