ছূৰা 24 · জুজ 18

An-Nur · 24:8

وَيَدْرَأُ عَنْهَا الْعَذَابَ أَنْ تَشْهَدَ أَرْبَعَ شَهَادَاتٍ بِاللَّهِ ۙ إِنَّهُ لَمِنَ الْكَاذِبِينَ

আৰু ঘৈনিয়েকজনীৰ শাস্তিও ৰহিত হ’ব যদি তাইয়ো আল্লাহৰ নামত শপত খাই সাক্ষ্য প্ৰদান কৰে যে, ‘নিশ্চয় তাইৰ স্বামী মিছলীয়া’,

তাফছীৰ

এই শপত বাক্যৰ পিছত স্ত্ৰীজনী ব্যাভিচাৰৰ শাস্তিৰ উপযুক্ত বুলি গণ্য হ'ব। কিন্তু তাইৰ এই শাস্তি তেতিয়া উঠাই লোৱা হ'ব, যেতিয়া তাই নিজেও চাৰিবাৰ আল্লাহৰ শপত খাই ক'ব যে, তাইৰ স্বামীয়ে তাইৰ প্ৰতি যি আৰোপ লগাইছে সেইটো নিঃসন্দেহে মিছা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক