ছূৰা 24 · জুজ 18

An-Nur · 24:62

إِنَّمَا الْمُؤْمِنُونَ الَّذِينَ آمَنُوا بِاللَّهِ وَرَسُولِهِ وَإِذَا كَانُوا مَعَهُ عَلَىٰ أَمْرٍ جَامِعٍ لَمْ يَذْهَبُوا حَتَّىٰ يَسْتَأْذِنُوهُ ۚ إِنَّ الَّذِينَ يَسْتَأْذِنُونَكَ أُولَٰئِكَ الَّذِينَ يُؤْمِنُونَ بِاللَّهِ وَرَسُولِهِ ۚ فَإِذَا اسْتَأْذَنُوكَ لِبَعْضِ شَأْنِهِمْ فَأْذَنْ لِمَنْ شِئْتَ مِنْهُمْ وَاسْتَغْفِرْ لَهُمُ اللَّهَ ۚ إِنَّ اللَّهَ غَفُورٌ رَحِيمٌ

মুমিন কেৱল সেইসকল লোক, যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি বিশ্বাস স্থাপন কৰে আৰু ৰাছুলৰ লগত কোনো সামাজিক কামত একত্ৰিত হ’লে তেওঁৰ অনুমতি নোলোৱাকৈ গুচি নাযায়; নিশ্চয় যিসকলে তোমাৰ পৰা অনুমতি বিচাৰে কেৱল তেওঁলোকেই আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰে। এতেকে তেওঁলোকে নিজৰ কোনো কামৰ বাবে তোমাৰ ওচৰত অনুমতি বিচাৰিলে তেওঁলোকৰ মাজৰ যাক ইচ্ছা তুমি তাক অনুমতি প্ৰদান কৰিবা আৰু তেওঁলোকৰ বাবে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিবা। নিশ্চয় আল্লাহ পৰম ক্ষমাশীল, পৰম দয়ালু।

তাফছীৰ

প্ৰকৃত মুমিন হৈছে সেইসকল লোক, যিসকলে আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰিছে। তেওঁলোকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে যেতিয়া কোনো গুৰুত্বপূৰ্ণ কামত অংশ লয়, যি কামত মুছলিমসকলৰ কল্যাণ নিহিত আছে, তেতিয়া তেওঁলোকে অনুমতি নোলোৱালৈকে কেতিয়াও উভতি নাহে। হে ৰাছুল! যিসকল লোকে ওভোতাৰ সময়ত আপোনাৰ পৰা অনুমতি বিচাৰে, তেওঁলোকেই হৈছে আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাছুলৰ প্ৰতি প্ৰকৃত ঈমান পোষণকাৰী। এতেকে তেওঁলোকে যদি কোনো গুৰুত্বপূৰ্ণ কামৰ বাবে অনুমতি বিচাৰে, তেন্তে তেওঁলোকৰ মাজৰ যাক ইচ্ছা আপুনি অনুমতি দিব পাৰে। তেওঁলোকৰ বাবে তেওঁলোকৰ গুনাহৰ মাগফিৰাত কামনা কৰক। নিশ্চয় আল্লাহ তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল তথা তেওঁলোকৰ প্ৰতি দয়ালু।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক