ছূৰা 24 · জুজ 18
An-Nur · 24:6
وَالَّذِينَ يَرْمُونَ أَزْوَاجَهُمْ وَلَمْ يَكُنْ لَهُمْ شُهَدَاءُ إِلَّا أَنْفُسُهُمْ فَشَهَادَةُ أَحَدِهِمْ أَرْبَعُ شَهَادَاتٍ بِاللَّهِ ۙ إِنَّهُ لَمِنَ الصَّادِقِينَ
আৰু যিসকলে নিজৰ স্ত্ৰীৰ প্ৰতি নিজেই অপবাদ আৰোপ কৰে, অথচ নিজৰ বাহিৰে সিহঁতৰ আন কোনো সাক্ষী নাই, তেনে অৱস্থাত সিহঁত প্ৰত্যেকৰে সাক্ষ্য এইদৰে হ’ব যে, সি আল্লাহৰ নামত চাৰিবাৰ শপত লৈ ক’ব যে, ‘নিশ্চয় সি সত্যবাদীসকলৰ অন্তৰ্ভুক্ত,
তাফছীৰ
যদি কোনো পুৰুষে নিজৰ স্ত্ৰীৰ প্ৰতি ব্যাভিচাৰৰ আৰোপ লগায় আৰু সেই আৰোপক সত্য প্ৰমাণিত কৰিবলৈ নিজৰ বাহিৰে আন কোনো সাক্ষী নাথাকে, তেন্তে পুৰুষজনে নিজেই চাৰিবাৰ আল্লাহৰ শপত খাই সাক্ষ্য দিব যে, তেওঁ নিজৰ পত্নীৰ প্ৰতি ব্যাভিচাৰৰ যি আৰোপ লগাইছে সেয়া সত্য।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক