ছূৰা 24 · জুজ 18

An-Nur · 24:41

أَلَمْ تَرَ أَنَّ اللَّهَ يُسَبِّحُ لَهُ مَنْ فِي السَّمَاوَاتِ وَالْأَرْضِ وَالطَّيْرُ صَافَّاتٍ ۖ كُلٌّ قَدْ عَلِمَ صَلَاتَهُ وَتَسْبِيحَهُ ۗ وَاللَّهُ عَلِيمٌ بِمَا يَفْعَلُونَ

তুমি লক্ষ্য কৰা নাইনে যে, আকাশসমূহ আৰু পৃথিৱীত যিসকল আছে তেওঁলোকে আৰু শাৰীবদ্ধভাৱে উৰিফুৰা চৰাইয়েও আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে? প্ৰত্যেকেই জানে নিজ নিজ ইবাদতৰ আৰু পৱিত্ৰতা-মহিমা ঘোষণাৰ পদ্ধতি। আৰু সিহঁতে যি কৰে সেই বিষয়ে আল্লাহ সম্যক অৱগত।

তাফছীৰ

হে ৰাছুল! আপুনি গ'ম পোৱা নাইনে, আকাশমণ্ডল আৰু পৃথিৱীত যি যি আছে, সেই সকলোৱে আল্লাহৰ পৱিত্ৰতা বৰ্ণনা কৰে। আৰু চৰাই-চিৰিকটিয়েও শূন্যত পাখি মেলি তেওঁৰ গুণগান কৰে। যিবোৰ সৃষ্টিয়ে চালাত আদায় কৰে, আল্লাহ তেওঁলোকৰ চালাত সম্পৰ্কে অৱগত, যেনেঃ মানুহে চালাত আদায় কৰে। আৰু যিবোৰে তেওঁৰ গুণগান কৰে যেনেঃ চৰাই-চিৰিকটি, সেই সম্পৰ্কেও তেওঁ অৱগত। সিহঁতে যি যি কৰে, সেই সকলো বিষয় সম্পৰ্কে আল্লাহ সৰ্বজ্ঞ। সিহঁতৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক