ছূৰা 24 · জুজ 18

The Light Verse · An-Nur 24:35

۞ اللَّهُ نُورُ السَّمَاوَاتِ وَالْأَرْضِ ۚ مَثَلُ نُورِهِ كَمِشْكَاةٍ فِيهَا مِصْبَاحٌ ۖ الْمِصْبَاحُ فِي زُجَاجَةٍ ۖ الزُّجَاجَةُ كَأَنَّهَا كَوْكَبٌ دُرِّيٌّ يُوقَدُ مِنْ شَجَرَةٍ مُبَارَكَةٍ زَيْتُونَةٍ لَا شَرْقِيَّةٍ وَلَا غَرْبِيَّةٍ يَكَادُ زَيْتُهَا يُضِيءُ وَلَوْ لَمْ تَمْسَسْهُ نَارٌ ۚ نُورٌ عَلَىٰ نُورٍ ۗ يَهْدِي اللَّهُ لِنُورِهِ مَنْ يَشَاءُ ۚ وَيَضْرِبُ اللَّهُ الْأَمْثَالَ لِلنَّاسِ ۗ وَاللَّهُ بِكُلِّ شَيْءٍ عَلِيمٌ

আল্লাহ আকাশসমূহ আৰু পৃথিৱীৰ নূৰ, তেওঁৰ নূৰৰ উপমা হৈছে যেনিবা এটি দিপাধাৰ, যাৰ মাজত আছে এটা প্ৰদীপ, প্ৰদীপটো এটা কাঁচৰ আৱৰণৰ মাজত স্থাপিত, কাঁচৰ আৱৰণটো উজ্জ্বল নক্ষত্ৰৰ দৰে, যিটো প্ৰজ্বলিত কৰা হয় বৰকতময় যায়তুন গছৰ তেলৰ দ্বাৰা, সেইটো কেৱল পূৱ দিশৰ নহয় আৰু কেৱল পশ্চিম দিশৰো নহয়, জুইয়ে তাক স্পৰ্শ নকৰিলেও যেনিবা তাৰ তেলে উজ্জ্বল পোহৰ বিয়পাই থাকে, নূৰৰ ওপৰত নূৰ! আল্লাহে তেওঁৰ নূৰৰ পিনে যাক ইচ্ছা তাকেই হিদায়ত কৰে। আল্লাহে মানুহৰ বাবেই উপমাসমূহ বৰ্ণনা কৰে আৰু আল্লাহ সকলো বস্তু সম্পৰ্কে সৰ্বজ্ঞ।

তাফছীৰ

আল্লাহ হৈছে আকাশমণ্ডল আৰু পৃথিৱীৰ নূৰ, তথা উভয়ৰ মাজত থকা সকলোৰে পথপ্ৰদৰ্শক। মুমিনৰ অন্তৰত আল্লাহৰ নূৰৰ উপমা হৈছে এনেকুৱা, যেনিবা দেৱালত ওলমি থকা এটি দিপাধাৰ, যাৰ মাজত আছে এটা প্ৰদীপ। প্ৰদীপটো এটা কাঁচৰ আৱৰণৰ মাজত স্থাপিত, যেনিবা উজ্জ্বল নক্ষত্ৰ। যিটো প্ৰদীপ প্ৰজ্বলিত হয় বৰকতময় গছৰ তেলৰ দ্বাৰা, অৰ্থাৎ যাইতুন গছৰ তেলৰ দ্বাৰা। সেই গছজোপা সূৰ্যৰ তাপৰ পৰা কেতিয়াও বঞ্চিত নহয়, পুৱাৰ ভাগতো নহয় আবেলিও নহয়। সেই তেল ইমান পৰিস্কাৰ যে, জুই নোহোৱাকৈ যেনিবা পোহৰ বিয়পায়। তেন্তে ভাৱি চোৱা! জুই স্পৰ্শ কৰিলে কি অৱস্থা হ’ব। এফালে প্ৰদীপৰ নূৰ, আনফালে কাঁচৰ পোহৰ। এইটোৱেই হৈছে মুমিনৰ অন্তৰৰ পৰিৱেশ, যেতিয়া তাত হিদায়তৰ নূৰ প্ৰৱেশ কৰে। আল্লাহে তেওঁৰ বান্দাসকলৰ মাজৰ যাক ইচ্ছা কৰে কোৰআন-হাদীছ অনুসৰণ কৰাৰ তাওফীক প্ৰদান কৰে। আল্লাহে উদাহৰণৰ জৰিয়তে বিষয়বোৰ স্পষ্ট কৰে। নিশ্চয় আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ, একোৱেই তেওঁৰ পৰা গোপন নহয়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক