ছূৰা 24 · জুজ 18
An-Nur · 24:19
إِنَّ الَّذِينَ يُحِبُّونَ أَنْ تَشِيعَ الْفَاحِشَةُ فِي الَّذِينَ آمَنُوا لَهُمْ عَذَابٌ أَلِيمٌ فِي الدُّنْيَا وَالْآخِرَةِ ۚ وَاللَّهُ يَعْلَمُ وَأَنْتُمْ لَا تَعْلَمُونَ
নিশ্চয় যিসকলে মুমিনসকলৰ মাজত অশ্লীলতাৰ প্ৰসাৰ কামনা কৰে, সিহঁতৰ বাবে আছে পৃথিৱী আৰু আখিৰাতত যন্ত্ৰণাদায়ক শাস্তি; আৰু আল্লাহে জানে তোমালোকেহে নাজানা।
তাফছীৰ
নিশ্চয় যিসকলে মুমিনসকলৰ মাজত অশ্লীলতা প্ৰচাৰ হোৱাটো ভালপায়, (ব্যাভিচাৰৰ অপবাদ দিয়াটোও ইয়াৰ অন্তৰ্ভুক্ত) সিহঁতৰ বাবে পৃথিৱীত আছে কষ্টদায়ক শাস্তি। অৰ্থাৎ পৃথিৱীত সিহঁতক অপবাদ লগোৱাৰ অপৰাধত শাস্তি বিহা হ'ব। আৰু আখিৰাতত সিহঁতৰ বাবে আছে জাহান্নামৰ শাস্তি। সিহঁতৰ মিছা কথা সম্পৰ্কে আল্লাহ সম্যক অৱগত। তথা বান্দাসকলৰ শেষ পৰিণতি সম্পৰ্কেও তেওঁ অৱগত। বান্দাৰ হিত সম্পৰ্কে তেৱেঁই ভালদৰে জানে। তোমালোকে একোৱেই নাজানা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক