ছূৰা 24 · জুজ 18

An-Nur · 24:10

وَلَوْلَا فَضْلُ اللَّهِ عَلَيْكُمْ وَرَحْمَتُهُ وَأَنَّ اللَّهَ تَوَّابٌ حَكِيمٌ

তোমালোকৰ প্ৰতি আল্লাহৰ দয়া আৰু অনুগ্ৰহ নাথাকিলে (নিশ্চয় তোমালোক ধ্বংস হ’লাহেঁতেন); নিশ্চয় আল্লাহ তাওবা গ্ৰহণকাৰী, প্ৰজ্ঞাময়।

তাফছীৰ

হে মানৱজাতি! যদি তোমালোকৰ ওপৰত আল্লাহৰ কৃপা আৰু দয়া নহ’লহেঁতেন আৰু তেওঁ যদি তাওবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল নহ’লহেঁতেন, লগতে পৰিচালনা আৰু চৰীয়ত প্ৰণয়নত যদি প্ৰজ্ঞাৱান নহ’লহেঁতেন তেন্তে তোমালোকৰ গুনাহৰ বাবে তোমালোকক শাস্তি প্ৰদানত খৰখেদা কৰিলেহেঁতেন, আৰু তোমালোকে অপমানৰ সন্মুখীন হ’লাহেঁতেন।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক