ছূৰা 21 · জুজ 17
The prayer of Yunus · Al-Anbiya 21:87
وَذَا النُّونِ إِذْ ذَهَبَ مُغَاضِبًا فَظَنَّ أَنْ لَنْ نَقْدِرَ عَلَيْهِ فَنَادَىٰ فِي الظُّلُمَاتِ أَنْ لَا إِلَٰهَ إِلَّا أَنْتَ سُبْحَانَكَ إِنِّي كُنْتُ مِنَ الظَّالِمِينَ
আৰু স্মৰণ কৰা জুন-নুনক, যেতিয়া তেওঁ ক্ৰোধ অৱস্থাত গুচি গৈছিল আৰু ধাৰণা কৰিছিল যে, আমি তেওঁক নধৰিম। তাৰ পিছত তেওঁ অন্ধকাৰৰ পৰা আহ্বান কৰি কৈছিল যে, ‘তোমাৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তুমি পৱিত্ৰ মহান, নিশ্চয় মই অন্যায় কৰিছিলো’।
তাফছীৰ
হে ৰাছুল! মাছৰ গৰাকী ইউনুছ আলাইহিচ্ছালামৰ বিষয়টো স্মৰণ কৰক, যেতিয়া তেওঁ নিজ প্ৰতিপালকৰ অনুমতি নোহোৱাকৈ নিজ সম্প্ৰদায়ৰ অবাধ্যতাত অসন্তুষ্ট হৈ গুচি গৈছিল। তেওঁ ভাৱিছিল যে, তেওঁ গুচি গ’লে আমি তেওঁক শাস্তিস্বৰূপে তেওঁৰ প্ৰতি সংকীৰ্ণতা জাপি নিদিওঁ। কিন্তু তেওঁক মাছে গিলি খালে আৰু মাছৰ পেটৰ অন্ধকাৰাচ্ছন্ন সংকীৰ্ণ ঠাইত বন্দী হৈ থাকিল। ফলত তেওঁ ৰাতিৰ অন্ধকাৰ, সাগৰ আৰু মাছৰ পেটৰ অন্ধকাৰত নিজৰ গুনাহ স্বীকাৰৰ জৰিয়তে তাওবা কৰি আল্লাহৰ ওচৰত দুআ কৰিলেঃ তোমাৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তুমি পাক তথা পৱিত্ৰ। নিশ্চয় মই অপৰাধ কৰিছোঁ।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক