ছূৰা 2 · জুজ 1

Al-Baqarah · 2:73

فَقُلْنَا اضْرِبُوهُ بِبَعْضِهَا ۚ كَذَٰلِكَ يُحْيِي اللَّهُ الْمَوْتَىٰ وَيُرِيكُمْ آيَاتِهِ لَعَلَّكُمْ تَعْقِلُونَ

তাৰ পিছত আমি ক’লো, ‘ইয়াৰ কোনো অংশৰে তাক আঘাত কৰা’। এনেকৈ আল্লাহে মৃতক জীৱিত কৰে আৰু তেওঁ তোমালোকক তেওঁৰ নিদৰ্শনসমূহ দেখুৱায় যাতে তোমালোকে অনুধাৱন কৰিব পাৰা।

তাফছীৰ

তাৰ পিছত আমি কলোঃ নিহত ব্যক্তিৰ শৰীৰত গাই গৰুৰ কোনো এটা মাংসৰ টুকুৰাৰে আঘাত কৰা যিজনী গাই জবেহ কৰিবলৈ আদেশ দিয়া হৈছিল। আল্লাহে তাক হত্যাকাৰীৰ বিষয়ে জনাবলৈ জীৱিত কৰিব। এতেকে সিহঁতে তেনেকুৱা কৰিলে আৰু মৃত ব্যক্তি জীৱিত হৈ হত্যাকাৰী সম্পৰ্কে জনাই দিলে। এতেকে শুনা! যিদৰে আল্লাহে এই মৃত ব্যক্তিক জীৱিত কৰিলে সেইদৰে ক্বিয়ামতৰ দিনাও আল্লাহে সকলো মৃত ব্যক্তিক পুনৰ জীৱিত কৰিব। আল্লাহ তাআলাই তেওঁৰ ক্ষমতাৰ স্পষ্ট প্ৰমাণ দেখুৱালে যাতে তোমালোকে বুজি পোৱা আৰু আল্লাহৰ প্ৰতি পূৰ্ণ বিশ্বাস স্থাপন কৰা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক