ছূৰা 2 · জুজ 3
Closing verses of Al-Baqarah · Al-Baqarah 2:286
لَا يُكَلِّفُ اللَّهُ نَفْسًا إِلَّا وُسْعَهَا ۚ لَهَا مَا كَسَبَتْ وَعَلَيْهَا مَا اكْتَسَبَتْ ۗ رَبَّنَا لَا تُؤَاخِذْنَا إِنْ نَسِينَا أَوْ أَخْطَأْنَا ۚ رَبَّنَا وَلَا تَحْمِلْ عَلَيْنَا إِصْرًا كَمَا حَمَلْتَهُ عَلَى الَّذِينَ مِنْ قَبْلِنَا ۚ رَبَّنَا وَلَا تُحَمِّلْنَا مَا لَا طَاقَةَ لَنَا بِهِ ۖ وَاعْفُ عَنَّا وَاغْفِرْ لَنَا وَارْحَمْنَا ۚ أَنْتَ مَوْلَانَا فَانْصُرْنَا عَلَى الْقَوْمِ الْكَافِرِينَ
আল্লাহে কাকো তাৰ সামৰ্থৰ বাহিৰত কোনো দায়িত্ব নিদিয়ে। যিয়ে ভাল উপাৰ্জন কৰিছে ইয়াৰ প্ৰতিফল তাৰ বাবেই, আৰু যিয়ে বেয়া উপাৰ্জন কৰিছে ইয়াৰ প্ৰতিফল সি নিজেই ভোগ কৰিব। হে আমাৰ প্ৰতিপালক! যদি আমি বিস্মৃত হওঁ অথবা ভুল কৰো তেন্তে তুমি আমাক সোধ-পোচ নকৰিবা। হে আমাৰ প্ৰতিপালক! আমাৰ পূৰ্বৱৰ্তীসকলৰ ওপৰত যেনেকৈ তুমি বোজা অৰ্পণ কৰিছিলা আমাৰ ওপৰত তেনেকুৱা বোজা অৰ্পণ নকৰিবা। হে আমাৰ প্ৰতিপালক! তুমি আমাক এনেকুৱা বোজা বহন নকৰাবা যিটো বহন কৰাৰ আমাৰ সামৰ্থ নাই; আৰু তুমি আমাৰ পাপ মোচন কৰি দিয়া, আমাক ক্ষমা কৰি দিয়া, আমাৰ প্ৰতি দয়া কৰা, তুমিয়েই আমাৰ অভিভাৱক। এতেকে কাফিৰ সম্প্ৰদায়ৰ বিৰুদ্ধে আমাক সহায় কৰা।
তাফছীৰ
আল্লাহে কোনো প্ৰাণীৰ ওপৰত এনেকুৱা কৰ্মৰ বোজা অৰ্পন নকৰে যিটো তাৰ সহনশক্তিতকৈ অধিক। কাৰণ আল্লাহৰ দ্বীন সৰলতাৰ ওপৰত প্ৰতিষ্ঠিত আৰু ইয়াত কোনো কঠোৰতা নাই। এতেকে যিয়ে ভাল কাম কৰিব সি ভাল ফলাফল লাভ কৰিব আৰু তাৰ পৰা অলপো হ্ৰাস কৰা নহব। আনহাতে যিয়ে বেয়া কৰ্ম কৰিব, সি তাৰ গুনাহৰ শাস্তি ভোগ কৰিব, আন কোনেও তাৰ এই বোজা বহন নকৰিব। ৰাছুল আৰু মুমিনসকলে কয়, হে আমাৰ প্ৰতিপালক! যদি আমি পাহৰি যাওঁ, অথবা আমাৰ কথা বা কৰ্মৰ জৰিয়তে যদি অজানিতে কোনো ভুল হয় তেন্তে আমাক শাস্তি নিবিহিবা। লগতে আমাৰ ওপৰত এনেকুৱা বোজা নিদিবা যিটো বহন কৰাৰ ক্ষমতা আমাৰ নাই। যেনেকুৱা বোজা তুমি আমাৰ পূৰ্বে ইয়াহুদীসকলক সিহঁতৰ অত্যাচাৰৰ কাৰণে শাস্তিস্বৰূপে অৰ্পন কৰিছিলা। আৰু আমাৰ ওপৰত এনেকুৱা কোনো আদেশ-নিষেধৰ বোজা নিদিবা যিটো আমাৰ বাবে কঠিন আৰু আমাৰ সাধ্যাতীত। আমাৰ গুনাহসমূহক আওকাণ কৰা, আমাক ক্ষমা কৰা, আমাৰ প্ৰতি দয়া কৰা। তুমিয়ে আমাৰ সংৰক্ষক আৰু সহায়ক। এতেকে কাফিৰৰ বিৰুদ্ধে তুমি আমাক সহায় কৰা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক