ছূৰা 2 · জুজ 3

Al-Baqarah · 2:279

فَإِنْ لَمْ تَفْعَلُوا فَأْذَنُوا بِحَرْبٍ مِنَ اللَّهِ وَرَسُولِهِ ۖ وَإِنْ تُبْتُمْ فَلَكُمْ رُءُوسُ أَمْوَالِكُمْ لَا تَظْلِمُونَ وَلَا تُظْلَمُونَ

কিন্তু যদি তোমালোকে এনে নকৰা তেন্তে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ পৰা যুদ্ধৰ ঘোষণা লোৱা, আৰু যদি তোমালোকে তাওবা কৰা তেন্তে তোমালোকৰ মূলধন তোমালোকৰেই থাকিব। তোমালোকে অন্যায় নকৰিবা আৰু তোমালোকৰ ওপৰতো অন্যায় কৰা নহ’ব।

তাফছীৰ

যদি তোমালোকে এইটো নকৰা যিটো তোমালোকক আদেশ দিয়া হৈছে, তেন্তে জানি থোৱা যে, তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ লগত যুদ্ধ কৰিব বিচৰা। আনহাতে যদি তোমালোকে তাওবা কৰা আৰু সুত এৰি দিয়া তেন্তে তোমালোকে ঋণ দিয়া মূল ধন ঘূৰাই লোৱাত কোনো অসুবিধা নাই। মূল ধনতকৈ অধিক লৈ কাৰো অন্যায় নকৰিবা আনহাতে মূল ধনত হ্ৰাস কৰি তোমাৰ অন্যায় কৰা নহ'ব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক