ছূৰা 2 · জুজ 3
Al-Baqarah · 2:256
لَا إِكْرَاهَ فِي الدِّينِ ۖ قَدْ تَبَيَّنَ الرُّشْدُ مِنَ الْغَيِّ ۚ فَمَنْ يَكْفُرْ بِالطَّاغُوتِ وَيُؤْمِنْ بِاللَّهِ فَقَدِ اسْتَمْسَكَ بِالْعُرْوَةِ الْوُثْقَىٰ لَا انْفِصَامَ لَهَا ۗ وَاللَّهُ سَمِيعٌ عَلِيمٌ
দ্বীন গ্ৰহণৰ ক্ষেত্ৰত কোনো জোৰ-জবৰদস্তি নাই; সত্য পথ ভ্ৰান্ত পথৰ পৰা সুস্পষ্ট হৈছে। এতেকে যিয়ে তাগুতক অস্বীকাৰ কৰিব আৰু আল্লাহৰ প্ৰতি ঈমান আনিব সি এনেকুৱা এডাল ৰছীত খামুচি ধৰিলে যিটো কেতিয়াও বিচ্ছিন্ন নহ’ব; আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞানী।
তাফছীৰ
ইছলামত প্ৰৱেশ কৰিবলৈ কাকো বাধ্য কৰা নহব। কিয়নো এইটো সত্য আৰু স্পষ্ট দ্বীন। সেয়ে ইয়াত প্ৰৱেশ কৰিবলৈ কাকো বাধ্য কৰোৱাৰ প্ৰয়োজন নাই। নিশ্চয় হিদায়ত পথভ্ৰষ্টতাৰ পৰা পৃথক হৈছে। এতেকে যিয়ে আল্লাহৰ বাহিৰে যিবোৰ বস্তুৰ উপাসনা কৰা হয় সেই সকলোবোৰক অস্বীকাৰ কৰিব আৰু সিহঁতৰ পৰা সম্পৰ্কচ্ছেদ কৰিব লগতে কেৱল মাত্ৰ আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিব, সি ক্বিয়ামতৰ দিনা মুক্তি লাভৰ বাবে দ্বীনৰ এনেকুৱা মজবুত ৰছী ধাৰণ কৰিলে যিটো কেতিয়াও নিছিঙিব। আৰু আল্লাহ তেওঁৰ বান্দাসকলৰ কথা শ্ৰৱণকাৰী আৰু সিহঁতৰ কৰ্ম সম্পৰ্কে সম্যক অৱগত। আৰু তেওঁ সিহঁতক ইয়াৰ প্ৰতিদান দিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক