ছূৰা 2 · জুজ 2
Al-Baqarah · 2:222
وَيَسْأَلُونَكَ عَنِ الْمَحِيضِ ۖ قُلْ هُوَ أَذًى فَاعْتَزِلُوا النِّسَاءَ فِي الْمَحِيضِ ۖ وَلَا تَقْرَبُوهُنَّ حَتَّىٰ يَطْهُرْنَ ۖ فَإِذَا تَطَهَّرْنَ فَأْتُوهُنَّ مِنْ حَيْثُ أَمَرَكُمُ اللَّهُ ۚ إِنَّ اللَّهَ يُحِبُّ التَّوَّابِينَ وَيُحِبُّ الْمُتَطَهِّرِينَ
আৰু সিহঁতে তোমাক হায়েজ সম্পৰ্কে প্ৰশ্ন কৰে, কোৱা, ‘ই এবিধ অশুচি’। এতেকে তোমালোকে হায়েজ অৱস্থাত স্ত্ৰী-সংগমৰ পৰা বিৰত থকা আৰু পৱিত্ৰ নোহোৱালৈকে (সংগমৰ বাবে) সিহঁতৰ নিকটবৰ্তী নহ’বা। তাৰ পিছত সিহঁতে যেতিয়া উত্তমৰূপে পৰিশুদ্ধ হ’ব তেতিয়া সিহঁতৰ ওচৰত ঠিক তেনেকৈ গমন কৰিবা যেনেকৈ আল্লাহে তোমালোকক আদেশ দিছে। নিশ্চয় আল্লাহ তাওবাকাৰীসকলক ভাল পায় আৰু সিহঁতকো ভাল পায় যিসকলে অধিক পৱিত্ৰতা অৰ্জন কৰে।
তাফছীৰ
হে নবী! আপোনাৰ ছাহাবাসকলে আপোনাক হায়েজ (এইটো স্বভাৱিক ৰক্তক্ষৰণ, যিটো বিশেষ সময়ত নাৰীসকলৰ গৰ্ভাশয়ৰ পৰা নিৰ্গত হয়) সম্পৰ্কে প্ৰশ্ন কৰে। আপুনি সিহঁতক উত্তৰ দিয়ক যে, সেইটো নাৰী আৰু পুৰুষ উভয়ৰ বাবে কষ্টদায়ক। সেয়ে হায়েজ অৱস্থাত স্ত্ৰী সহবাসৰ পৰা বিৰত থাকা। আৰু ৰক্তক্ষৰণ বন্ধ নোহোৱালৈকে আৰু গুছল কৰি পৱিত্ৰ নোহোৱালৈকে সহবাসৰ উদ্দেশ্যে সিহঁতৰ ওচৰলৈকে নাযাবা। যেতিয়া তেজ বন্ধ হব আৰু সিহঁত গা-গুছল কৰি পৱিত্ৰ হব তেতিয়া তোমালোকে সিহঁতৰ লগত সেইদৰে সহবাস কৰা যিদৰে আল্লাহে বৈধ কৰিছে অৰ্থাৎ পৱিত্ৰ অৱস্থাত সন্মুখৰ লজ্জাস্থানেৰে সহবাস কৰা। নিশ্চয় আল্লাহে সেইসকল লোকক ভালপায় যিসকলে গুনাহৰ পৰা অধিক তাওবা কৰে আৰু অপৱিত্ৰতাৰ পৰা ভালকৈ পৱিত্ৰতা অৰ্জন কৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক