ছূৰা 2 · জুজ 2

Al-Baqarah · 2:213

كَانَ النَّاسُ أُمَّةً وَاحِدَةً فَبَعَثَ اللَّهُ النَّبِيِّينَ مُبَشِّرِينَ وَمُنْذِرِينَ وَأَنْزَلَ مَعَهُمُ الْكِتَابَ بِالْحَقِّ لِيَحْكُمَ بَيْنَ النَّاسِ فِيمَا اخْتَلَفُوا فِيهِ ۚ وَمَا اخْتَلَفَ فِيهِ إِلَّا الَّذِينَ أُوتُوهُ مِنْ بَعْدِ مَا جَاءَتْهُمُ الْبَيِّنَاتُ بَغْيًا بَيْنَهُمْ ۖ فَهَدَى اللَّهُ الَّذِينَ آمَنُوا لِمَا اخْتَلَفُوا فِيهِ مِنَ الْحَقِّ بِإِذْنِهِ ۗ وَاللَّهُ يَهْدِي مَنْ يَشَاءُ إِلَىٰ صِرَاطٍ مُسْتَقِيمٍ

সকলো মানুহৰ এটাই উম্মত আছিল। তাৰ পিছত আল্লাহে নবীসকলক সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপে প্ৰেৰণ কৰিলে আৰু তেওঁলোকৰ লগত সত্যসহ কিতাব অৱতীৰ্ণ কৰিলে যাতে মানুহে যিবোৰ বিষয়ত মতভেদ কৰিছিল সেইবোৰ মীমাংসা কৰিব পাৰে; আৰু যিসকলক এইটো দিয়া হৈছিল, স্পষ্ট নিদৰ্শন সিহঁতৰ ওচৰত অহাৰ পিছতো কেৱল পৰস্পৰ বিদ্বেষবশত সেই বিষয়ত সিহঁতে বিৰোধিতা কৰিছিল। তাৰ পিছত আল্লাহে তেওঁৰ ইচ্ছাক্ৰমে ঈমান্দাৰসকলক সেই সত্য বিষয়ত হিদায়ত কৰিছে, যি বিষয়ে সিহঁতে মতানৈক্য সৃষ্টি কৰিছিল; আৰু আল্লাহে যাক ইচ্ছা সৰল পথৰ ফালে হিদায়ত কৰে।

তাফছীৰ

আৰম্ভণিতে সকলো মানুহ এটাই উম্মত আছিল। হিদায়তৰ ওপৰত সকলোৱে একমত আৰু আদি পিতা আদমৰ দ্বীনৰ অনুসাৰী আছিল। অৱশেষত চয়তানে সিহঁতক পথভ্ৰষ্ট কৰিলে, মতানৈক্য সৃষ্টি হ'ল। কিছুমান মুমিন আকৌ কিছুমান কাফিৰ হৈ গ'ল। সেয়ে আল্লাহে ৰাছুল প্ৰেৰণ কৰিলে যাতে ঈমান্দাৰসকলক আৰু আনুগত্যকাৰীসকলক সুসংবাদ দিয়ে আৰু কাফিৰসকলক কঠিন শাস্তিৰ ভয় দেখুৱায়, যি শাস্তি সম্পৰ্কে সিহঁতক সতৰ্ক কৰা হৈছে। লগতে আল্লাহে তেওঁৰ ৰাছুলসকলৰ প্ৰতি সন্দেহমুক্ত সত্যৰ ওপৰত প্ৰতিষ্ঠিত কিতাপ অৱতীৰ্ণ কৰিছে। যাতে সেইবোৰ বিষয় মীমাংসা কৰিব পাৰে যিবোৰ বিষয়ে মানুহে মতানৈক্য কৰিছিল। লগতে আল্লাহে অৱতীৰ্ণ কৰা তাওৰাত সম্পৰ্কেও সেই ইয়াহুদীসকলেই মতভেদ সৃষ্টি কৰিছিল যিসকলক ইয়াৰ জ্ঞান দিয়া হৈছিল। আৰু সিহঁতৰ ওচৰত এই কথা আহি পাইছিল যে, এয়া আল্লাহৰ সত্য পুথি, য’ত মতভেদ কৰাৰ কোনো স্থান নাই। কিন্তু আল্লাহে তেওঁৰ ইচ্ছাত মুমিনসকলক হিদায়ত আৰু পথভ্ৰষ্টতাৰ মাজত পাৰ্থক্য কৰাৰ তাওফীক প্ৰদান কৰিছে। আল্লাহে যাক ইচ্ছা কৰে হিদায়ত প্ৰদান কৰে, য’ত কোনো বক্ৰতা নাই।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক