ছূৰা 2 · জুজ 2

Al-Baqarah · 2:188

وَلَا تَأْكُلُوا أَمْوَالَكُمْ بَيْنَكُمْ بِالْبَاطِلِ وَتُدْلُوا بِهَا إِلَى الْحُكَّامِ لِتَأْكُلُوا فَرِيقًا مِنْ أَمْوَالِ النَّاسِ بِالْإِثْمِ وَأَنْتُمْ تَعْلَمُونَ

আৰু তোমালোকে নিজৰ মাজতে এজনে আনজনৰ অৰ্থ-সম্পদ অন্যায়ভাৱে নাখাবা আৰু মানুহৰ ধন-সম্পত্তিৰ কিছু অংশ জানি বুজি অন্যায়ভাৱে আত্মসাৎ কৰিবলৈ বিচাৰকসকলক প্ৰদান নকৰিবা।

তাফছীৰ

তোমালোকে ইজনে সিজনৰ সম্পদ অবৈধভাৱে ভক্ষণ নকৰিবা। যেনে- চুৰি, লুন্ঠণ, ঠগি খোৱা ইত্যাদি। লগতে সম্পত্তি সম্পৰ্কীয় কোনো মোকৰ্দমা অধিকাৰীসকলৰ ওচৰত এই উদ্দেশ্যে লৈ নাযাবা যে, মানুহৰ সম্পত্তিৰ এটা অংশ অন্যায়ভাৱে আত্মসাৎ কৰিব পাৰা। অথচ তোমালোকে জানা যে, নিশ্চয় আল্লাহে এইটো হাৰাম কৰিছে। কিয়নো হাৰাম বুলি জনাৰ পিছতো সেই গুনাহত লিপ্ত হোৱাটো অধিক ঘৃণনীয় আৰু শাস্তিও অতি কঠোৰ।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক