ছূৰা 2 · জুজ 2

Al-Baqarah · 2:185

شَهْرُ رَمَضَانَ الَّذِي أُنْزِلَ فِيهِ الْقُرْآنُ هُدًى لِلنَّاسِ وَبَيِّنَاتٍ مِنَ الْهُدَىٰ وَالْفُرْقَانِ ۚ فَمَنْ شَهِدَ مِنْكُمُ الشَّهْرَ فَلْيَصُمْهُ ۖ وَمَنْ كَانَ مَرِيضًا أَوْ عَلَىٰ سَفَرٍ فَعِدَّةٌ مِنْ أَيَّامٍ أُخَرَ ۗ يُرِيدُ اللَّهُ بِكُمُ الْيُسْرَ وَلَا يُرِيدُ بِكُمُ الْعُسْرَ وَلِتُكْمِلُوا الْعِدَّةَ وَلِتُكَبِّرُوا اللَّهَ عَلَىٰ مَا هَدَاكُمْ وَلَعَلَّكُمْ تَشْكُرُونَ

ৰমজান সেই মাহ, যি মাহত কোৰআন অৱতীৰ্ণ কৰা হৈছে মানৱ জাতিৰ হিদায়তৰ বাবে আৰু হিদায়তৰ স্পষ্ট নিদৰ্শন আৰু সত্য-অসত্যৰ পাৰ্থক্যকাৰীৰূপে।এতেকে তোমালোকৰ মাজত যিয়ে এই মাহত উপনীত হ’ব সি যেন এই মাহত ছিয়াম পালন কৰে। কিন্তু তোমালোকৰ কোনোবাই অসুস্থ থাকিলে অথবা ভ্ৰমণাৱস্থাত থাকিলে বেলেগ দিনবোৰত এই সংখ্যা পূৰণ কৰিব। আল্লাহে তোমালোকৰ বাবে সহজটো বিচাৰে আৰু তোমালোকৰ বাবে কষ্ট নিবিচাৰে, যাতে তোমালোকে সংখ্যা পূৰ্ণ কৰা আৰু তেওঁ তোমালোকক যে হিদায়ত দিছে সেই বাবে তোমালোকে আল্লাহৰ মহিমা ঘোষণা কৰা আৰু যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰা।

তাফছীৰ

ৰমজান মাহৰ পৱিত্ৰ ৰাতি (লাইলাতুল ক্বদৰ)ত পৱিত্ৰ কোৰআন অৱতীৰ্ণ হোৱা আৰম্ভ হৈছিল। ইয়াক আল্লাহে পথপ্ৰদৰ্শনৰূপে অৱতীৰ্ণ কৰিছে। ইয়াৰ মাজত আছে হিদায়তৰ স্পষ্ট প্ৰমাণাদি আৰু ই হৈছে সত্য আৰু অসত্যৰ মাজত পাৰ্থক্যকাৰী পুথি। যি ব্যক্তি সুস্থ আৰু মুকীম অৱস্থাত এই মাহত উপনীত হব, সি অনিবাৰ্যভাৱে এই মাহৰ ৰোজা পালন কৰা উচিত। কিন্তু অসুস্থতাৰ কাৰণে অথবা ভ্ৰমণৰ কাৰণে যাৰ বাবে ৰোজা ৰখা কঠিন, সি ৰোজা ভাঙিব পাৰে। কিন্তু পিছত ইয়াৰ ক্বাজা কৰিব লাগিব। আল্লাহে এইবোৰ বিধানৰ দ্বাৰা তোমালোকক সুবিধা কৰি দিব বিচাৰে, অসুবিধা নহয়। যাতে তোমালোকে ৰমজানৰ গণনা সম্পূৰ্ণ কৰিব পাৰা। আৰু যাতে তোমালোকে ৰমজানৰ শেষত ঈদৰ দিনা আল্লাহৰ মহত্ব বৰ্ণনা কৰিব পাৰা যে, তেওঁ তোমালোকক ৰোজা ৰখাৰ তাওফীক দান কৰিছে আৰু ৰোজা সমাপ্ত কৰাত সহায় কৰিছে। আৰু যাতে তোমালোকে আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰা, এই কাৰণে যে, তেওঁ তোমালোকক সেই দ্বীনৰ হিদায়ত দিছে যিটো তেওঁ তোমালোকৰ বাবে পছন্দ কৰিছে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক