ছূৰা 2 · জুজ 2
Al-Baqarah · 2:172
يَا أَيُّهَا الَّذِينَ آمَنُوا كُلُوا مِنْ طَيِّبَاتِ مَا رَزَقْنَاكُمْ وَاشْكُرُوا لِلَّهِ إِنْ كُنْتُمْ إِيَّاهُ تَعْبُدُونَ
হে ঈমান্দাৰসকল! তোমালোকক আমি যি পৱিত্ৰ বস্তু প্ৰদান কৰিছো তাৰ পৰা তোমালোকে আহাৰ কৰা, আৰু আল্লাহৰ কৃতজ্ঞতা প্ৰকাশ কৰা, যদিহে তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰা।
তাফছীৰ
হে আল্লাহৰ প্ৰতি বিশ্বাসী আৰু ৰাছুলৰ অনুসাৰীসকল! সেই সমূহ পৱিত্ৰ বস্তুৰ পৰা আহাৰ কৰা যিবোৰ আল্লাহে তোমালোকক প্ৰদান কৰিছে আৰু তোমালোকৰ বাবে বৈধ কৰিছে, লগতে প্ৰকাশ্য আৰু অপ্ৰকাশ্যভাৱে আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰা, কিয়নো তেওঁ তোমালোকক অসংখ্য অনুগ্ৰহ দান কৰিছে। তেওঁৰ কৃতজ্ঞতাৰ ভিতৰত এইটোও আছে যে, তোমালোকে তেওঁৰ আনুগত্য কৰা আৰু তেওঁৰ অৱজ্ঞাৰ পৰা বিৰত থাকা, যদিহে তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰা আৰু তেওঁৰ লগত আন কাকো অংশী স্থাপন নকৰা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক