ছূৰা 2 · জুজ 2

Al-Baqarah · 2:167

وَقَالَ الَّذِينَ اتَّبَعُوا لَوْ أَنَّ لَنَا كَرَّةً فَنَتَبَرَّأَ مِنْهُمْ كَمَا تَبَرَّءُوا مِنَّا ۗ كَذَٰلِكَ يُرِيهِمُ اللَّهُ أَعْمَالَهُمْ حَسَرَاتٍ عَلَيْهِمْ ۖ وَمَا هُمْ بِخَارِجِينَ مِنَ النَّارِ

আৰু যিসকলে অনুসৰণ কৰিছিল সিহঁতে ক’ব, ‘হায়’, আকৌ এবাৰ যদি আমি উভতি যাবলৈ সুযোগ পালোহেঁতেন, তেনেহ’লে আমিও সিহঁতৰ পৰা সম্পৰ্ক বিচ্ছিন্ন কৰিলোহেঁতেন যেনেকৈ সিহঁতে আমাৰ পৰা সম্পৰ্ক বিচ্ছিন্ন কৰিছে। এনেকৈ আল্লাহে সিহঁতৰ কাৰ্যৱলী সিহঁতক দেখুৱাব, সিহঁতৰ বাবে আক্ষেপস্বৰূপ; আৰু সিহঁত কেতিয়াও জুইৰ পৰা ওলাব নোৱাৰিব।

তাফছীৰ

দুৰ্বল অনুসাৰীসকলে কবঃ হায়! আমি যদি পুনৰ পৃথিৱীত উভতি যোৱাৰ অৱকাশ পালোহেঁতেন! তেন্তে আমিও আমাৰ নেতাসকলৰ পৰা সেইদৰেই সম্পৰ্ক বিচ্ছিন্ন কৰিলোহেঁতেন যিদৰে সিহঁতে আজি আমাৰ লগত কৰিছে। দৰাচলতে আল্লাহে সিহঁতক আখিৰাতৰ কঠিন শাস্তি দেখুৱাব লগতে সিহঁতৰ নেতাসকলৰ অসত্য অনুসৰণৰ শাস্তিও দেখুৱাব, লাঞ্ছিত ও অপমান কৰাৰ বাবে। আৰু সিহঁত জাহান্নামৰ পৰা কেতিয়াও ওলাব নোৱাৰিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক