ছূৰা 2 · জুজ 2
Al-Baqarah · 2:146
الَّذِينَ آتَيْنَاهُمُ الْكِتَابَ يَعْرِفُونَهُ كَمَا يَعْرِفُونَ أَبْنَاءَهُمْ ۖ وَإِنَّ فَرِيقًا مِنْهُمْ لَيَكْتُمُونَ الْحَقَّ وَهُمْ يَعْلَمُونَ
আমি যিসকলক কিতাব প্ৰদান কৰিছো, সিহঁতে তেওঁক এনেকৈ চিনি পায় যেনেকৈ সিহঁতে নিজৰ সন্তানক চিনি পায়; আৰু নিশ্চয় সিহঁতৰ এটা দলে জানি বুজি সত্য গোপন কৰি থাকে।
তাফছীৰ
যিসকলক আমি কিতাব প্ৰদান কৰিছো অৰ্থাৎ ইয়াহুদী আৰু খৃষ্টানসকলৰ ধৰ্ম গুৰুসকলে কিবলা পৰিবৰ্তনৰ এই বিষয়টো যে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নুবুওৱতৰ নিদৰ্শনসমূহৰ এটা নিদৰ্শন, এই কথাটো সিহঁতে সেই দৰেই জানে যিদৰে সিহঁতে নিজৰ সন্তানক চিনি পায় বা সিহঁতৰ মাজত পাৰ্থক্য কৰিব পাৰে। ইয়াৰ পিছতো সিহঁতৰ এটা দলে সত্য গোপন কৰে। দৰাচলতে সিহঁতে সত্য জনাৰ পিছতো কেৱল ঈৰ্ষাৰ ফলত সেয়া গোপন কৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক