ছূৰা 2 · জুজ 1

Al-Baqarah · 2:133

أَمْ كُنْتُمْ شُهَدَاءَ إِذْ حَضَرَ يَعْقُوبَ الْمَوْتُ إِذْ قَالَ لِبَنِيهِ مَا تَعْبُدُونَ مِنْ بَعْدِي قَالُوا نَعْبُدُ إِلَٰهَكَ وَإِلَٰهَ آبَائِكَ إِبْرَاهِيمَ وَإِسْمَاعِيلَ وَإِسْحَاقَ إِلَٰهًا وَاحِدًا وَنَحْنُ لَهُ مُسْلِمُونَ

ইয়াকূবৰ মৃত্যুৰ সময়ত তোমালোকে উপস্থিত আছিলা নেকি? তেওঁ যেতিয়া নিজ সন্তানসকলক কৈছিল, ‘মোৰ পিছত তোমালোকে কাৰ ইবাদত কৰিবা? সিহঁতে কৈছিল, ‘আমি আপোনাৰ ইলাহ আৰু আপোনাৰ পিতৃ-পুৰুষ ইব্ৰাহীম, ইছমাঈল, ইছহাকৰ ইলাহ- সেই এজন ইলাহৰেই ইবাদত কৰিম; আৰু আমি তেওঁৰ ওচৰতেই আত্মসমৰ্পণকাৰী’।

তাফছীৰ

তোমালোকে সেই সময়ত উপস্থিত আছিলা নেকি যেতিয়া ইয়াকূব আলাইহিছ ছালাম মুমূৰ্ষু অৱস্থাত আছিল? যেতিয়া তেওঁ নিজ পুত্ৰসকলক কৈছিলঃ ‘মোৰ মৃত্যুৰ পিছত তোমালোকে কাৰ ইবাদত কৰিবা’? তেওঁলোকে তেওঁৰ প্ৰশ্নৰ উত্তৰ দি কৈছিলঃ ‘আমি আপোনাৰ উপাস্য আৰু আপোনাৰ পিতৃ-পুৰুষ ইব্ৰাহীম, ইছমাঈল আৰু ইছহাকৰ উপাস্যৰ ইবাদত কৰিম। একমাত্ৰ উপাস্য কেৱল তেৱেঁই। তেওঁৰ কোনো অংশীদাৰ নাই। আমি কেৱল তেওঁৰ ওচৰতেই আত্মসমৰ্পণ কৰোঁ আৰু তেওঁৰ সন্মুখতেই শিৰ নত কৰোঁ’।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক