ছূৰা 2 · জুজ 1
Al-Baqarah · 2:126
وَإِذْ قَالَ إِبْرَاهِيمُ رَبِّ اجْعَلْ هَٰذَا بَلَدًا آمِنًا وَارْزُقْ أَهْلَهُ مِنَ الثَّمَرَاتِ مَنْ آمَنَ مِنْهُمْ بِاللَّهِ وَالْيَوْمِ الْآخِرِ ۖ قَالَ وَمَنْ كَفَرَ فَأُمَتِّعُهُ قَلِيلًا ثُمَّ أَضْطَرُّهُ إِلَىٰ عَذَابِ النَّارِ ۖ وَبِئْسَ الْمَصِيرُ
আৰু স্মৰণ কৰা, যেতিয়া ইব্ৰাহীমে ক’লে, ‘হে মোৰ প্ৰতিপালক! ইয়াক তুমি নিৰাপদ চহৰ কৰি দিয়া আৰু ইয়াৰ অধিবাসীসকলৰ মাজত যিসকলে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান আনে সিহঁতক ফল-মূলৰ জীৱিকা প্ৰদান কৰা’। তেওঁ (আল্লাহে) ক’লে, ‘যিয়ে কুফৰী কৰিব তাকো মই অলপ সময়ৰ বাবে জীৱনোপভোগ কৰিবলৈ দিম, তাৰ পিছত মই তাক জুইৰ শাস্তি ভোগ কৰিবলৈ বাধ্য কৰাম আৰু সেয়া যে কিমান নিকৃষ্ট প্ৰত্যাবৰ্তনস্থল’!
তাফছীৰ
হে নবী স্মৰণ কৰক, যেতিয়া ইব্ৰাহীম আলাইহিচ ছালামে নিজ প্ৰতিপালকৰ ওচৰত দুআ কৰি কৈছিলঃ হে মোৰ প্ৰতিপালক! তুমি মক্কা চহৰখনক নিৰাপদ চহৰ বনাই দিয়া। যাতে কোনেও কাৰো ওপৰত নিৰ্যাতন নকৰে। আৰু ইয়াৰ অধিবাসীসকলক বিভিন্ন প্ৰকাৰৰ ফল-মূলৰ জীৱিকা প্ৰদান কৰা আৰু এই জীৱিকা নিৰ্দিষ্ট কৰি দিয়া সেইসকল লোকৰ বাবে যিসকলে তোমাক বিশ্বাস কৰে আৰু শেষ দিৱসৰ প্ৰতি ঈমান পোষণ কৰে। তেতিয়া আল্লাহে কৈছিলঃ যিয়ে কুফৰী কৰিব তাকো মই অলপ সময়ৰ বাবে জীৱনোপভোগ কৰিবলৈ সুযোগ প্ৰদান কৰিম। কিন্তু আখিৰাতত মই তাক জুইৰ শাস্তি ভোগ কৰিবলৈ বাধ্য কৰাম। বৰ বেয়া আৱাসস্থল, য’ত সিহঁতে কিয়ামতৰ দিনা উভতি যাব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক