ছূৰা 2 · জুজ 1
Al-Baqarah · 2:119
إِنَّا أَرْسَلْنَاكَ بِالْحَقِّ بَشِيرًا وَنَذِيرًا ۖ وَلَا تُسْأَلُ عَنْ أَصْحَابِ الْجَحِيمِ
নিশ্চয় আমি তোমাক প্ৰেৰণ কৰিছো সত্যসহ, সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপে; আৰু জাহান্নামীসকলৰ বিষয়ে তোমাক কোনো সোধ-পোচ কৰা নহব।
তাফছীৰ
হে নবী! আমি আপোনাক সত্য দ্বীনৰ সৈতে প্ৰেৰণ কৰিছো, যাৰ মাজত কোনো সন্দেহ নাই; যাতে আপুনি মুমিনসকলক সুসংবাদ দিয়ে আৰু কাফিৰসকলক জাহান্নামৰ ভয় দেখুৱায়। আপোনাৰ কাম কেৱল স্পষ্টভাৱে পৌঁচাই দিয়া। আল্লাহে আপোনাক সেইসকল জাহান্নামীৰ বিষয়ে প্ৰশ্ন নকৰিব যিসকলে আপোনাৰ প্ৰতি ঈমান পোষণ কৰা নাই।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক