ছূৰা 2 · জুজ 1
Al-Baqarah · 2:105
مَا يَوَدُّ الَّذِينَ كَفَرُوا مِنْ أَهْلِ الْكِتَابِ وَلَا الْمُشْرِكِينَ أَنْ يُنَزَّلَ عَلَيْكُمْ مِنْ خَيْرٍ مِنْ رَبِّكُمْ ۗ وَاللَّهُ يَخْتَصُّ بِرَحْمَتِهِ مَنْ يَشَاءُ ۚ وَاللَّهُ ذُو الْفَضْلِ الْعَظِيمِ
কিতাবীসকলৰ মাজত যিসকলে কুফৰী কৰিছে সিহঁত আৰু মুশ্বৰিকসকলে এইটো নিবিচাৰে যে, তোমালোকৰ প্ৰতিপালকৰ পৰা তোমালোকৰ ওপৰত কোনো কল্যাণ অৱতীৰ্ণ হওক। অথচ আল্লাহে যাক ইচ্ছা নিজ ৰহমতৰ দ্বাৰা বিশেষিত কৰে; আৰু আল্লাহ মহা ক্ষমাশীল।
তাফছীৰ
কাফিৰ আহলে কিতাবসকলৰ হওঁক নাইবা মুশ্বৰিকসকলৰ, তোমালোকৰ প্ৰতি তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা কোনো কল্যাণ অহাটো সিহঁতে কেতিয়াও পছন্দ নকৰে। কম হওঁক বা বেছি। অথচ আল্লাহে তেওঁৰ বান্দাসকলৰ যাক ইচ্ছা কৰে নবুওৱত, অহী আৰু ঈমান প্ৰদান কৰে। আৰু আল্লাহ মহা অনুগ্ৰহশীল। সৃষ্টিজগতৰ সকলো কল্যাণ তেওঁৰ পৰাই আহে। ৰাছুল প্ৰেৰণ কৰা আৰু কিতাপ অৱতীৰ্ণ কৰাও তেওঁৰ এটা অনুগ্ৰহ।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক