ছূৰা 2 · জুজ 1
Al-Baqarah · 2:103
وَلَوْ أَنَّهُمْ آمَنُوا وَاتَّقَوْا لَمَثُوبَةٌ مِنْ عِنْدِ اللَّهِ خَيْرٌ ۖ لَوْ كَانُوا يَعْلَمُونَ
আৰু যদি সিহঁতে ঈমান আনিলেহেঁতেন আৰু তাক্বৱা অৱলম্বন কৰিলেহেঁতেন, তেন্তে আল্লাহৰ তৰফৰ পৰা প্ৰাপ্ত ছোৱাব নিশ্চিতভাৱে (সিহঁতৰ বাবে) অধিক কল্যাণকৰ হলেহেঁতেন, এই কথা যদি সিহঁত জানিলেহেঁতেন!
তাফছীৰ
যদি ইয়াহুদীসকলে আল্লাহৰ প্ৰতি প্ৰকৃত ঈমান পোষণ কৰিলেহেঁতেন! আৰু তেওঁক ভয় কৰি সত্কৰ্ম কৰিলেহেঁতেন লগতে তেওঁৰ অবাধ্যতা পৰিত্যাগ কৰিলেহেঁতেন! তেন্তে সিহঁতে বৰ্তমান যি অৱস্থাত আছে তাতোকৈ উত্তম প্ৰতিদান আল্লাহৰ ওচৰত পালেহেঁতেন! কোনটো বস্তু সিহঁতৰ বাবে উপকাৰী হব যদি সিহঁতে জানিলেহেঁতেন!
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক