ছূৰা 18 · জুজ 16
Al-Kahf · 18:82
وَأَمَّا الْجِدَارُ فَكَانَ لِغُلَامَيْنِ يَتِيمَيْنِ فِي الْمَدِينَةِ وَكَانَ تَحْتَهُ كَنْزٌ لَهُمَا وَكَانَ أَبُوهُمَا صَالِحًا فَأَرَادَ رَبُّكَ أَنْ يَبْلُغَا أَشُدَّهُمَا وَيَسْتَخْرِجَا كَنْزَهُمَا رَحْمَةً مِنْ رَبِّكَ ۚ وَمَا فَعَلْتُهُ عَنْ أَمْرِي ۚ ذَٰلِكَ تَأْوِيلُ مَا لَمْ تَسْطِعْ عَلَيْهِ صَبْرًا
‘আৰু সেই প্ৰাচীৰটো—সেইটো আছিল নগৰবাসী দুজন এতীম শিশুৰ আৰু ইয়াৰ তলত আছে সিহঁতৰ গুপ্তধন আৰু সিহঁতৰ পিতৃ আছিল সৎকৰ্মপৰায়ণ। সেয়ে আপোনাৰ প্ৰতিপালকে ইচ্ছা কৰিলে যে, সিহঁত দুজন প্ৰাপ্তবয়স্কত উপনীত হওঁক আৰু সিহঁতৰ সেই গুপ্তধন উদ্ধাৰ কৰক। আৰু (এইবোৰ) মই নিজৰ ফালৰ পৰা একো কৰা নাই; আপুনি যি বিষয়ে ধৈৰ্য ধাৰণ কৰিবলৈ অপাৰগ হৈছিল, এইটোৱেই তাৰ ব্যাখ্যা’।
তাফছীৰ
আনহাতে যিখন প্ৰাচীৰ মই মেৰামতি কৰি দিছিলোঁ, যি বিষয়ে আপুনি মোৰ বিৰোধিতা কৰিছিল, সেই প্ৰাচীৰখন আছিল সেই চহৰৰ দুজন সৰু ল’ৰাৰ। তেওঁলোকৰ পিতৃ-মাতৃ আছিল অতি পূণ্যৱান। পিতা-মাতা উভয়ে মৃত্যুবৰণ কৰিছিল আৰু সেই প্ৰাচীৰখনৰ তলত পুতি থোৱা আছিল তেওঁলোকৰ ধন-সম্পদ। সেয়ে হে মুছা! আপোনাৰ প্ৰতিপালকে ইচ্ছা পোষণ কৰিলে যে, সেই ল’ৰা দুজন ডাঙৰ দীঘল তথা প্ৰাপ্তবয়সত উপনীত হওক আৰু তাৰ পিচত যাতে তেওঁলোকে প্ৰাচীৰৰ তলত থকা তেওঁলোকৰ সম্পদ উলিয়াব পাৰে। কিয়নো এতিয়া যদি তেওঁলোকৰ সেই প্ৰাচীৰখন ভাঙি পৰিলহেঁতেন তেন্তে তেওঁলোকৰ সম্পদ উন্মুক্ত হ'লহেঁতেন আৰু বিনষ্ট হ'লহেঁতেন। দৰাচলতে এই প্ৰক্ৰিয়া আপোনাৰ প্ৰতিপালকৰ তৰফৰ পৰা সেই ল’ৰা দুজনৰ বাবে এক প্ৰকাৰ ৰহমত। মই মোৰ বুদ্ধিৰে একো কৰা নাছিলোঁ। উক্ত ঘটনাবোৰৰ এইটোৱে হৈছে বাস্তৱিকতা, যিবোৰ দেখি আপুনি ধৈৰ্য্য ধাৰণ কৰিব পৰা নাছিল।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক