ছূৰা 18 · জুজ 16
Al-Kahf · 18:77
فَانْطَلَقَا حَتَّىٰ إِذَا أَتَيَا أَهْلَ قَرْيَةٍ اسْتَطْعَمَا أَهْلَهَا فَأَبَوْا أَنْ يُضَيِّفُوهُمَا فَوَجَدَا فِيهَا جِدَارًا يُرِيدُ أَنْ يَنْقَضَّ فَأَقَامَهُ ۖ قَالَ لَوْ شِئْتَ لَاتَّخَذْتَ عَلَيْهِ أَجْرًا
তাৰ পিছত দুয়ো আকৌ যোৱা আৰম্ভ কৰিলে, অৱশেষত যেতিয়া তেওঁলোক এটা জনপদৰ অধিবাসীসকলৰ ওচৰত উপস্থিত হ’ল, তেতিয়া সিহঁতৰ ওচৰত খাদ্য বিচাৰিলে; কিন্তু সিহঁতে তেওঁলোকৰ আতিথ্য কৰিবলৈ অস্বীকাৰ কৰিলে। তাৰ পিছত তেওঁলোকে তাত এখন প্ৰাচীৰ দেখা পালে, যিটো বাগৰি যোৱাৰ উপক্ৰম হৈছিল, তেতিয়া তেওঁ সেইটোক সুদৃঢ় কৰি দিলে। মুছাই ক’লে, ‘অৱশ্যে আপুনি ইচ্ছা কৰিলে ইয়াৰ বাবে পাৰিশ্ৰমিক গ্ৰহণ কৰিব পাৰিলেহেঁতেন’।
তাফছীৰ
ইয়াৰ পিচত দুয়ো আকৌ ৰাওনা হ'ল, অৱশেষত এখন গাওঁত প্ৰৱেশ কৰিলে আৰু তাৰ অধিবাসীসকলৰ ওচৰত খাদ্যৰ বাবে আবেদন কৰিলে। গাওঁবাসীয়ে তেওঁলোকৰ আবেদন নাকচ কৰিলে আৰু তেওঁলোকক খুৱাবলৈ মান্তি নহ'ল। তেওঁলোকে সেই গাওঁখনতে এখন প্ৰাচীৰ দেখা পালে, যিখন পৰি যোৱাৰ উপক্ৰম হৈছিল। খাজিৰে সেই প্ৰাচীৰখন মেৰামতি কৰি দিলে। এই দেখি মুছা আলাইহিচ্ছালামে খাজিৰক ক'লেঃ আপুনি ইচ্ছা কৰিলে সিহঁতৰ পৰা এই পৰিশ্ৰমৰ পাৰিশ্ৰমিক ল'ব পাৰিলেহেঁতেন, যিহেতু সিহঁতে আমাক আপ্যায়ন কৰিবলৈ অস্বীকাৰ কৰিছিল, সেয়ে এইটো লোৱা আমাৰ বাবে প্ৰয়োজন আছিল।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক