ছূৰা 18 · জুজ 15
Al-Kahf · 18:74
فَانْطَلَقَا حَتَّىٰ إِذَا لَقِيَا غُلَامًا فَقَتَلَهُ قَالَ أَقَتَلْتَ نَفْسًا زَكِيَّةً بِغَيْرِ نَفْسٍ لَقَدْ جِئْتَ شَيْئًا نُكْرًا
তাৰ পিছত দুয়ো গৈ থাকিল, অৱশেষত তেওঁলোকৰ লগত এটি শিশুৰ সাক্ষাত হ’ল, তেতিয়া তেওঁ তাক হত্যা কৰিলে। মুছাই ক’লে, ‘হত্যাৰ অপৰাধবিহীন আপুনি এটা নিষ্পাপ জীৱন নাশ কৰিলে? অৱশ্যে আপুনি এটা গৰ্হিত অন্যায় কাম কৰিছে’।
তাফছীৰ
নাৱৰ পৰা অৱতৰণ কৰাৰ পিছত দুয়ো সাগৰৰ পাৰে পাৰে ৰাওনা হ'ল, তেওঁলোকে এজন শিশুক অন্য কিছুমান শিশুৰ সৈতে খেলি থকা অৱস্থাত দেখিলে। শিশুটি এতিয়াও বুজিব পৰা বয়সত উপনীত হোৱা নাছিল। কিন্তু খাজিৰ আলাইহিচ্ছালামে তাক হত্যা কৰি পেলালে। এই দেখি মূছা আলাইহিচ্ছালামে ক'লেঃ আপুনি এনেকুৱা এজন শিশুক হত্যা কৰিলে, যিয়ে বুজিব পৰা বয়সতো উপনীত হোৱা নাই, সি এজন নিৰ্দোষী নিৰপৰাধ, যিয়ে কোনো গুনাহও কৰা নাই ? নিশ্চয় আপুনি এইটো নিকৃষ্ট কাম কৰিছে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক