ছূৰা 18 · জুজ 15
Al-Kahf · 18:52
وَيَوْمَ يَقُولُ نَادُوا شُرَكَائِيَ الَّذِينَ زَعَمْتُمْ فَدَعَوْهُمْ فَلَمْ يَسْتَجِيبُوا لَهُمْ وَجَعَلْنَا بَيْنَهُمْ مَوْبِقًا
আৰু সেইদিনাৰ কথা স্মৰণ কৰা, যিদিনা তেওঁ ক’ব, ‘তোমালোকে যিবোৰক মোৰ অংশী বুলি ধাৰণা কৰিছিলা সেইবোৰক মাতা’। সিহঁতে তেতিয়া সেইবোৰক মাতিব কিন্তু সেইবোৰে সিহঁতৰ আহ্বানত সঁহাৰি নিদিব আৰু আমি সিহঁত উভয়ৰ মধ্যৱৰ্তী ঠাইত এটা ধ্বংস-গহ্বৰ ৰাখি দিম।
তাফছীৰ
হে ৰাছুল! সিহঁতৰ সন্মুখত কিয়ামত দিৱসৰ চৰ্চা কৰক, যিদিনা আল্লাহে পৃথিৱীত শ্বিৰ্ক কৰা লোকসকলক উদ্দেশ্যি ক'বঃ সেইবোৰ উপাস্যক মাতি আনা যিবোৰক তোমালোকে মোৰ সমকক্ষ বুলি ধাৰণা কৰিছিলা, সম্ভৱতঃ সিহঁতে তোমালোকক কিবা সহায় কৰিব পাৰিব। এই শুনি সিহঁতে আহ্বান কৰিব, কিন্তু সিহঁতৰ আহ্বানত কোনো সঁহাৰি নাপাব আৰু সহায়ও নকৰিব। এতেকে আমি পূজাৰী আৰু উপাস্য উভয়ৰ মাজতে এখন বিনাশস্থল বনাই দিম, য’ত সিহঁতে শাস্তি ভোগ কৰিব। সেয়া হৈছে জাহান্নাম।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক