ছূৰা 18 · জুজ 15
Al-Kahf · 18:5
مَا لَهُمْ بِهِ مِنْ عِلْمٍ وَلَا لِآبَائِهِمْ ۚ كَبُرَتْ كَلِمَةً تَخْرُجُ مِنْ أَفْوَاهِهِمْ ۚ إِنْ يَقُولُونَ إِلَّا كَذِبًا
এই বিষয়ে সিহঁতৰ কোনো জ্ঞান নাই লগতে সিহঁতৰ পিতৃ-পুৰুষৰো কোনো জ্ঞান নাছিল। কি সাংঘাতিক বাক্য যিটো সিহঁতৰ মুখৰ পৰা ওলায়! সিহঁত মিছাৰ বাহিৰে একো নকয়।
তাফছীৰ
আল্লাহৰ সন্তান থকা বুলি দাবী কৰা মিছলীয়াসকলৰ ওচৰত কোনো জ্ঞান তথা উপযুক্ত প্ৰমাণ নাই। আনকি সিহঁতৰ পিতৃপুৰুষসকলৰ ওচৰতো কোনো জ্ঞান নাছিল যে, সেই জ্ঞানৰ অনুসৰণ কৰিব। এনেকুৱা বাক্য উচ্চাৰণ কৰা মহা অপৰাধ, যিবোৰ সিহঁতে নুবুজাকৈ মুখেৰে মাতি আছে। সিহঁতে কোৱা কথাষাৰ প্ৰকাশ্য মিছা, ইয়াৰ কোনো তথ্য তথা ভিত্তি নাই।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক