ছূৰা 18 · জুজ 15
Al-Kahf · 18:49
وَوُضِعَ الْكِتَابُ فَتَرَى الْمُجْرِمِينَ مُشْفِقِينَ مِمَّا فِيهِ وَيَقُولُونَ يَا وَيْلَتَنَا مَالِ هَٰذَا الْكِتَابِ لَا يُغَادِرُ صَغِيرَةً وَلَا كَبِيرَةً إِلَّا أَحْصَاهَا ۚ وَوَجَدُوا مَا عَمِلُوا حَاضِرًا ۗ وَلَا يَظْلِمُ رَبُّكَ أَحَدًا
লগতে উপস্থাপিত কৰা হ’ব আমলনামা, তেতিয়া তাত যি লিপিবদ্ধ আছে তাৰ বাবে তুমি অপৰাধীবিলাকক আতংকগ্ৰস্ত দেখিবা আৰু সিহঁতে ক’ব, ‘হায়, দুৰ্ভাগ্য আমাৰ! এইটো কেনেকুৱা গ্ৰন্থ! সৰু-বৰ এনে কোনো কৰ্ম নাই যিটো ইয়াত লিপিবদ্ধ কৰা হোৱা নাই’। সিহঁতে যি আমল কৰিছে সেয়া সন্মুখত উপস্থিত পাব; আৰু তোমাৰ প্ৰতিপালকে কাৰো প্ৰতি অন্যায় নকৰে।
তাফছীৰ
কৰ্মপুথি সন্মুখত ৰখা হ'ব। কিছুমানে নিজৰ কৰ্মপুথি সোঁহাতত ধাৰণ কৰিব আৰু কিছুমানে বাওঁ হাতত। হে মানৱ! তুমি কাফিৰসকলক ভীত-সন্ত্ৰস্ত দেখিবলৈ পাবা, কাৰণ সিহঁতে ভালদৰেই জানে যে, সিহঁতে পৃথিৱীত কি কি গুনাহৰ কাম আৰু কুফৰী কৰি আহিছে। সিহঁতে ক'বঃ হায়! আমাৰ ধ্বংস আৰু হায় আমাৰ বিপদ! এইখন কেনেকুৱা পুথি য’ত আমাৰ সৰু বৰ সকলো কৰ্ম সংৰক্ষিত আৰু গণনা কৰি ৰখা হৈছে। সিহঁতে পাৰ্থিৱ জীৱনত কৰা সকলো গুনাহ সেই পুথিত লিপিবদ্ধ পাব। হে ৰাছুল! আপোনাৰ প্ৰতিপালকে কেতিয়াও কোনো নিৰ্দোষী ব্যক্তিক দোষী সাব্যস্ত কৰি অথবা কোনো পূণ্যৱান ব্যক্তিৰ ছোৱাব হ্ৰাস কৰি অন্যায় নকৰিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক