ছূৰা 18 · জুজ 15

Al-Kahf · 18:45

وَاضْرِبْ لَهُمْ مَثَلَ الْحَيَاةِ الدُّنْيَا كَمَاءٍ أَنْزَلْنَاهُ مِنَ السَّمَاءِ فَاخْتَلَطَ بِهِ نَبَاتُ الْأَرْضِ فَأَصْبَحَ هَشِيمًا تَذْرُوهُ الرِّيَاحُ ۗ وَكَانَ اللَّهُ عَلَىٰ كُلِّ شَيْءٍ مُقْتَدِرًا

আৰু তুমি সিহঁতৰ ওচৰত পাৰ্থিৱ জীৱনৰ উপমা দাঙি ধৰা, এইটো পানীৰ দৰে যিটো আমি আকাশৰ পৰা বৰ্ষণ কৰো, যাৰ দ্বাৰা ভূমিজ উদ্ভিদ ঘন সন্নিবিষ্ট হৈ উৎপন্ন হয়, তাৰ পিছত এইবোৰ শুকাই এনেকৈ চূৰ্ণ-বিচূৰ্ণ হয় যে, বতাহে সেইবোৰ উৰাই লৈ যায়। আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।

তাফছীৰ

হে ৰাছুল! পৃথিৱীৰ মোহত পৰি থকা লোকসকলক এটা উদাহৰণ দিয়ক। পৃথিৱীৰ ধ্বংস আৰু ইয়াৰ সোনকালে সমাপ্ত হোৱাৰ উদাহৰণ হৈছে আকাশৰ পৰা অৱতীৰ্ণ বৰষুণৰ দৰে। বৰষুণৰ সেই পানীৰ দ্বাৰাই পৃথিৱীৰ উদ্ভিদ জন্মে আৰু বিভিন্ন প্ৰকাৰৰ ফল-মূল উৎপন্ন হয়। অৱশেষত এটা সময়ত সেই গছ-গছনি শুকাই খৰিত পৰিণত হয়। বতাহে সেইবোৰ গছৰ ডাল পাত বিভিন্ন ঠাইত উৰুৱাই লৈ যায়। এনেকুৱা এটা সময় আহি পৰে যে, ভূমি আকৌ আগৰ দৰে হৈ যায়, যিদৰে উদ্ভিদ গজালি মেলাৰ পূৰ্বে আছিল। আল্লাহ সকলো বিষয়ে ক্ষমতাৱান। তেওঁক একোৱেই বিৱশ কৰিব নোৱাৰে। তেওঁ যাক ইচ্ছা কৰে জীৱন দান কৰে আৰু যাক ইচ্ছা কৰে ধ্বংস কৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক