ছূৰা 18 · জুজ 15

Al-Kahf · 18:23

وَلَا تَقُولَنَّ لِشَيْءٍ إِنِّي فَاعِلٌ ذَٰلِكَ غَدًا

আৰু কেতিয়াও তুমি কোনো বিষয়ত এই বুলি নকবা যে, নিশ্চয় মই এইটো অহা কালি কৰিম,

তাফছীৰ

হে নবী! আপুনি ভৱিষ্যতে কৰিবলগীয়া কোনো কামৰ বিষয়ে এইদৰে নক'ব যে, এইটো মই অৱশ্যে অহাকালি কৰিম। কিয়নো আপুনি নিশ্চিতভাৱে নাজানে যে, সেইটো আপুনি অহাকালি কৰিব পাৰিব নে নাই। অথবা আপোনাৰ আৰু কামৰ মাজত কিবা ব্যাঘাত জন্মিব নে নাই। এইটো দৰাচলতে প্ৰত্যেক মুছলিমৰ বাবে দিশ নিৰ্দেশনা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক