ছূৰা 18 · জুজ 15
Al-Kahf · 18:2
قَيِّمًا لِيُنْذِرَ بَأْسًا شَدِيدًا مِنْ لَدُنْهُ وَيُبَشِّرَ الْمُؤْمِنِينَ الَّذِينَ يَعْمَلُونَ الصَّالِحَاتِ أَنَّ لَهُمْ أَجْرًا حَسَنًا
সৰলৰূপে, তেওঁৰ কঠিন শাস্তি সম্পৰ্কে সতৰ্ক কৰাৰ বাবে আৰু মুমিনসকল যিসকলে সৎকৰ্ম কৰে, তেওঁলোকক এই সুসংবাদ দিয়াৰ বাবে যে, তেওঁলোকৰ বাবে আছে উত্তম পুৰষ্কাৰ,
তাফছীৰ
বৰং ইয়াক সহজ সৰল বনাইছে, ইয়াত কোনো বিভেদ তথা অন্তৰ্বিৰোধ নাই। যাতে ই কাফিৰসকলক আল্লাহৰ সেই শাস্তিৰ পৰা ভয় দেখুৱায়, যাৰ বাবে সিহঁতে অপেক্ষা কৰি আছে। লগতে সৎকৰ্মশীল মুমিনসকলক যাতে সুসংবাদ দিয়ে যে, তেওঁলোকৰ বাবে আছে আনন্দদায়ক উত্তম প্ৰতিদান, যাৰ মোকাবিলাত আন কোনো প্ৰতিদান নাই।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক