ছূৰা 18 · জুজ 15
Al-Kahf · 18:19
وَكَذَٰلِكَ بَعَثْنَاهُمْ لِيَتَسَاءَلُوا بَيْنَهُمْ ۚ قَالَ قَائِلٌ مِنْهُمْ كَمْ لَبِثْتُمْ ۖ قَالُوا لَبِثْنَا يَوْمًا أَوْ بَعْضَ يَوْمٍ ۚ قَالُوا رَبُّكُمْ أَعْلَمُ بِمَا لَبِثْتُمْ فَابْعَثُوا أَحَدَكُمْ بِوَرِقِكُمْ هَٰذِهِ إِلَى الْمَدِينَةِ فَلْيَنْظُرْ أَيُّهَا أَزْكَىٰ طَعَامًا فَلْيَأْتِكُمْ بِرِزْقٍ مِنْهُ وَلْيَتَلَطَّفْ وَلَا يُشْعِرَنَّ بِكُمْ أَحَدًا
আৰু এইদৰেই আমি সিহঁতক জগাই তুলিলো যাতে সিহঁতে পৰস্পৰৰ মাজত সোধ-পোছ কৰে। সিহঁতৰ এজনে ক’লে, ‘তোমালোকে কিমান সময় অৱস্থান কৰিছা’? সিহঁতে ক’লে, ‘আমি এদিন বা এদিনৰ কিছু অংশহে অৱস্থান কৰিছো’। সিহঁতে ক’লে, ‘তোমালোকে কিমান সময় অৱস্থান কৰিছা সেয়া তোমালোকৰ প্ৰতিপালকেই ভালকৈ জানে। এতেকে তোমালোকে এতিয়া তোমালোকৰ মাজৰ পৰা এজনক এই মুদ্ৰাসহ বজাৰলৈ পঠাই দিয়া। সি যেন ভালকৈ চাই-চিতি কোনটো উত্তম খাদ্য তাৰ পৰা যেন তোমালোকৰ বাবে কিছু খাদ্য লৈ আহে। লগতে সি যেন বিচক্ষণতাৰ সৈতে কাম কৰে। কোনোমতেই যাতে তোমালোকৰ বিষয়ে কাকো একো জানিব নিদিয়ে।
তাফছীৰ
যিদৰে এই ক্ষেত্ৰত আমি আমাৰ অদ্ভুত শক্তি প্ৰদৰ্শন কৰিছোঁ, যাৰ উল্লেখ আমি ইতিপূৰ্বে কৰিছোঁ, সেইদৰে আমি তেওঁলোকক এটা দীৰ্ঘ সময়ৰ পিছত টোপনিৰ পৰা জগাই তুলিছিলোঁ, যাতে তেওঁলোকে ইজনে সিজনক সুধিব পাৰে যে, তেওঁলোকে কিমান দিন শুই আছিল। এতেকে তেওঁলোকে ইজনে সিজনক সুধিলে, কোনোবাই ক'লেঃ আমি এদিন অথবা দিনৰ এটা অংশ শুই কটাইছোঁ, আন কিছুমানে যিসকলে অনুমান কৰিব পৰা নাছিল তেওঁলোকে ক'লেঃ তোমালোকে কিমান দিন শুই আছিলা এইটো তোমালোকৰ প্ৰতিপালকেই ভালদৰে জানে। এতেকে এই বিষয়টোক তেওঁৰ ওচৰতেই অৰ্পন কৰা আৰু নিজৰ কামত মনোযোগ দিয়া। আৰু তোমালোকৰ মাজৰ কোনোবা এজনক এই মুদ্ৰাৰ সৈতে পৰিচিত চহৰলৈ প্ৰেৰণ কৰা, যাতে তেওঁ পৱিত্ৰ খাদ্যদ্ৰৱ্য সন্ধান কৰি আনিব পাৰে। অহা যোৱা আৰু বজাৰ কৰাৰ সময়ত তেওঁ সাৱধান থকা উচিত তথা কৌশল অৱলম্বন কৰা উচিত, যাতে কোনেও আমাৰ এই অৱস্থান সম্পৰ্কে অৱগত নহয়। অন্যথা ডাঙৰ ক্ষতি হ'ব পাৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক