ছূৰা 18 · জুজ 15

Al-Kahf · 18:15

هَٰؤُلَاءِ قَوْمُنَا اتَّخَذُوا مِنْ دُونِهِ آلِهَةً ۖ لَوْلَا يَأْتُونَ عَلَيْهِمْ بِسُلْطَانٍ بَيِّنٍ ۖ فَمَنْ أَظْلَمُ مِمَّنِ افْتَرَىٰ عَلَى اللَّهِ كَذِبًا

আমাৰ এই স্বজাতিসকলে তেওঁৰ পৰিবৰ্তে বহুতো ইলাহ গ্ৰহণ কৰিছে। ইহঁতে এইবোৰ ইলাহ সম্পৰ্কে স্পষ্ট প্ৰমাণ উপস্থিত নকৰে কিয়? এতেকে যিয়ে আল্লাহ সম্পৰ্কে মিছা উদ্ভাৱন কৰে সেইজনতকৈ ডাঙৰ যালিম আৰুনো কোন হ’ব পাৰে?

তাফছীৰ

তাৰ পিছত তেওঁলোকে ইজনে সিজনক সম্বোধন কৰি ক'লেঃ এয়া হৈছে আমাৰ জাতিৰ লোকসকল, যিসকলে আল্লাহৰ বাহিৰে অতিৰিক্ত আন বহুতো উপাস্য বনাই লৈছে, যিবোৰৰ সিহঁতে উপাসনা কৰে। যদিও সিহঁতৰ ওচৰত এনেকুৱা পূজা পাঠৰ কোনো স্পষ্ট প্ৰমাণ নাই। এতেকে সেই ব্যক্তিতকৈ ডাঙৰ অন্যায়কাৰী আন কোনো হ'ব নোৱাৰে, যিয়ে আল্লাহৰ প্ৰতি মনেসজা মিছা অংশীদাৰ স্থাপন কৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক